শদিয়া, 19 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ ৷ ক্ষুদ্ৰ চহৰ খনৰ লগতে অঞ্চলটোত বিশেষকৈ দেখিবলৈ পোৱা নাযায় আৰক্ষীৰ বিশেষ তৎপৰতা ৷ ইয়াৰ ফলস্বৰূপে শুকুৰবাৰে নিশা প্ৰায় বাৰ বজাত কাকপথাৰ চহৰ তথা আৰক্ষী থানাৰ পৰা দুই কিলোমিটাৰ দূৰত্বৰ নাম উৱন গাঁৱৰ ৰূপসিং তাঁতী নামৰ লোকজনৰ ঘৰত এটা ছয়-সাত জনীয়া বন্দুকধাৰীৰ দলে তাণ্ডৱ চলায় লুট পাত কৰে ৷
দুৰ্বৃত্তৰ দলটো ৰূপসিং তাঁতীৰ ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে বিচ্ছিন্ন কৰি লয় বিদ্যুত সংযোগ ৷ ইয়াৰ পাচতে গৃহস্থক মাত দিয়ে ৷ ঘৰৰ গৰাকীয়ে দুৱাৰ খোলাৰ লগে লগে দুৰ্বৃত্তৰ হাতত থকা বন্দুকেৰে ৰূপসিং তাঁতীক মূৰত আঘাত কৰে আৰু ঘৰত প্ৰৱেশ কৰে ৷ ঘৰত থকা সকলো লোককে একলগে বহুৱাই হাতত বন্দুক লৈ মাৰি পেলোৱাৰ ভাৱুকি প্ৰদান কৰাৰ লগতে সোণ-ৰূপৰ গহণাৰ লগতে নগধ প্ৰায় পঞ্চাশ হাজাৰ টকা লৈ উধাও হয় ৷ ধন জমা কৰা মাটিৰ টেকেলি ভাঙিও ধন লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো ৷
ইয়াৰ ওপৰিও বন্দুকধাৰী দুৰ্বৃত্তৰ দলটোৱে ৰূপসিং তাঁতীৰ পুত্ৰ জিতুল তাঁতীক অপহৰণৰ অপচেষ্টা চলায় ৷ জিতুল তাঁতীয়ে আন্ধাৰৰ সুযোগ লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে ৷ পাচত দুৰ্বৃত্তৰ দলটো কাকপথাৰ বৰাচুকৰ দিশে পলায়ন কৰাৰ কথা গৃহস্থই জানিবলৈ দিয়ে ৷ উক্ত ঘটনাটোক আদিবাসী সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে গৰিহণা দিয়াৰ লগতে অনতিপলমে দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে ৷ এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই ঘটনাৰ পাচত আৰক্ষী প্ৰশাসনে কেনদৰে ব্যৱস্থা গ্ৰহণ কৰে , অঞ্চলটোত বৃদ্ধি পাবলৈ ধৰা অসামজিক কাৰ্যকলাপ সমূহ ৰোধ কৰাত সক্ষম হয় নে নহয় সেইয়া লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : ডিফুত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আহ্বান জৰুৰী সভা