শদিয়া, 12 অক্টোবৰঃ পথ নিৰ্মাণৰ নামত তিনিচুকীয়া জিলাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জে. আৰ. কনষ্ট্ৰাকশ্বন নামৰ নিৰ্মাণকাৰী সংস্থা আৰু জিতুল গোহাঁই নামৰ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ ৷ জিলাখনৰ কাছিজান-টঙনা নগাওঁ সংযোগী পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি ৷
অধিক পঢ়কঃ ডিগবৈত 20 গৰাকী সন্দেহজনক নাগৰিক আটক
তিনিচুকীয়া জিলাৰ কাকপথাৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কাছিজান-টঙনা নগাওঁ সংযোগী ৮.৫ কিলোমিটাৰ পথচোৱা পকীকৰণৰ বাবে চৰকাৰে আবন্টন দিছিল ৪,৯৯,৯২,৮৭০ টকা ৷ সমগ্ৰ পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল জে. আৰ. কনষ্ট্ৰাকশ্বন নামৰ নিৰ্মাণকাৰী সংস্থা আৰু জিতুল গোহাঁই নামৰ ঠিকাদাৰগৰাকীয়ে ৷ ৮.৫ কিলোমিটাৰ দীঘল পথটো নিৰ্মাণৰ বাবে ১৮ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও কেইবাবছৰো উকলি যোৱাৰ পিছতো পথটোৰ প্ৰায় ছয় কিলোমিটাৰ অংশ নিৰ্মাণ কৰি বাকী অংশ আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে ঠিকাদাৰ তথা নিৰ্মাণকাৰী সংস্থাটোৱে ৷ ডুমডুমা সমষ্টিৰ সীমান্তলৈকে পথছোৱা নিৰ্মাণ কৰি বাকী মাৰ্ঘেৰিটা সমষ্টি আৰম্ভ হোৱা স্থানৰ পৰাই পথটো নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
স্থানীয় ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পিচতো বিভাগীয় বিষয়াৰ লগতে ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগে পথচোৱাৰ নিৰ্মাণত অনীহা দেখুৱাই আহিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ বিভাগীয় বিষয়াৰ সৈতে লগলাগি ঠিকাদাৰ জিতুল গোহাঁয়ে আধাতে কাম সম্পন্ন কৰি মোকলাই নিয়ে আবন্টিত ধন ৷ ৰাইজৰ অভিযোগৰ ভিত্তিতে মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ বিজেপি সভাপতি ভাদেশ্বৰ মৰাণে আজি পথচোৱা পৰিদৰ্শন কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ পথচোৱাৰ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিক লৈ উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে অভিযুক্ত ঠিকাদাৰ জিতুল গোহাঁইৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী উত্থাপন কৰে ৷ আনহাতে অহা 14 অক্টোবৰত ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে স্থানীয় ৰাইজে ৷ তিনিদিনৰ ভিতৰত পথচোৱাৰ কাম আৰম্ভ নকৰিলে ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধৰ ভাবুকি প্ৰদান কৰে স্থানীয় ৰাইজে ৷
অধিক পঢ়কঃ CAB ক লৈ পুনৰ কঁপিল অসম
উল্লেখ্য যে, পথচোৱাৰ নিৰ্মাণত ইতিপূৰ্বেও ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ নিৰ্মাণৰ তিনিদিনৰ পিছতেই পকী পথটো চপৰা চপৰে খহি যোৱাৰ ফলত স্থানীয় ৰাইজৰ লগতে মৰাণ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাত পুনৰাই নিৰ্মাণ কৰিছিল পথছোৱা ৷ পথটো নিৰ্মাণৰ দায়িত্ব তিনিচুকীয়া জে, আৰ, কনষ্ট্ৰাচন নামৰ সংস্থাটোৰ তিনিচুকীয়াৰ বিতৰ্কিত ঠিকাদাৰ জিতুল গোহাঁই আৰু ছৌকট মজুমদাৰে ইয়াৰ আগতেও পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি, অনিয়ম কৰা বাতৰি সৰ্বজনবিদীত ৷ এনে ধৰণৰ সংস্থা, ঠিকাদাৰৰ বিৰুদ্ধে গড়কাপ্তানি বিভাগ তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয় ৷