ETV Bharat / state

পথত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশত বাধা দপথাৰবাসীৰ - ফোন নম্বৰ লিখি ফলক আঁৰি

কাকপথাৰৰ দপথাৰ গাঁওলৈ যোৱা পথটোত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশত বাধা গাঁওবাসীৰ ৷ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ গাওঁবাসীৰ ৷ জৰুৰী কামৰ বাবে ফোন নম্বৰ লিখি আঁৰি দিয়া হৈছে ফলক ৷

road-close-by-villager-in-kakopaher-due-to-covid
পথত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰবেশত বাধা গঞাঁ ৰাইজৰ
author img

By

Published : May 24, 2021, 6:59 PM IST

শদিয়া, 24 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিড প্ৰট’কল ৷ সমান্তৰালভাৱে ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এইবাৰ নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাকপথাৰৰ দপথাৰ গাঁওবাসীয়ে ৷

ৰাজ্যত ক’ভিড-19য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত কাকপথাৰৰ দপথাৰ গাঁৱলৈ যোৱা পথটোত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশত বাধা প্ৰদানৰ সিদ্ধান্ত গাঁওবাসীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁওখনলৈ যোৱা মুখ্য পথটোত বাঁহ বান্ধি বিনা অনুমতিত প্ৰৱেশত বাধা দিছে ৰাইজে ৷

জৰুৰী কামৰ বাবে সদাশয় ৰাইজক যোগাযোগ কৰিবলৈ দিয়া হৈছে ৷ গাঁওবাসীয়ে বাঁহ বান্ধি একপ্ৰকাৰ বহিঃবিশ্বৰ লগতে যোগাযোগ বন্ধ কৰি কভিড-19ৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা দেখা গৈছে ৷

সগতে পঢ়ক : আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.