তিনিচুকীয়া,25 আগষ্ট: সোমবাৰে সামাজিক মাধ্যম ফেচবুকত এগৰাকী যুৱকে আলফা(স্বা) ৰ সদস্য মাজু অসম বুলি পৰিচয় দি এক ভিডিঅ’ প্ৰচাৰ কৰে ৷ পৰৱৰ্তী সময়ত বিটিএডি-ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভত মাজু অসমে মন্তব্য প্ৰকাশ কৰাৰ পিছত বিষয়টোত মঙলবাৰে স্পষ্টীকৰণ প্ৰকাশ কৰে আলফা(স্বা) য়ে ৷ উক্ত যুৱকগৰাকী আলফা(স্বা) ৰ সদস্য নহয় বুলি স্পষ্ট কৰাৰ লগতে সংগঠনটোৱে বিটিএডি-ৰ নিৰ্বাচনৰ প্ৰসংগত কোনো মন্তব্য প্ৰকাশ কৰা নাই বুলি সদৰি কৰে ৰূপক অসমে ৷
লগতে চাওকঃ অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু