ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবী লুৰিণজ্যোতি গগৈৰ

author img

By

Published : Jul 2, 2020, 6:53 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে ভূমি নীতি প্ৰৱৰ্তনৰ বাবে চৰকাৰৰ বিৰোধী প্ৰতিবাদত বৃহস্পতিবাৰৰ দিনটোত উত্তাল হৈ থাকিল সমগ্ৰ ৰাজ্য ৷ মূল্যবৃদ্ধিৰ প্ৰসংগত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সৰৱ ভূমিকা গ্ৰহণ কৰি শীঘ্ৰে চৰকাৰক ইয়াক ৰোধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

Reaction of aasu secretary lurinjyoti gogoi on price hike tinsukia assam etv bharat news
মূল্যবৃদ্ধিৰ প্ৰসংগত সৰৱ লুৰিণজ্যোতি গগৈ

শদিয়া,2 জুলাই: বিগত কিছুদিনত ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে সাব্যস্ত হৈছে প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ প্ৰসংগত সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ বিশেষকৈ মহানগৰীত লক ডাউনৰ অচিলাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতি সৰৱ হৈ পৰিছে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

যোগান বিভাগৰ অস্তিত্বক কটাক্ষ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ ৰাজ্য চৰকাৰৰ অদূৰদৰ্শী সিদ্ধান্ত, পৰিকল্পনাবিহীন আঁচনিৰ বাবে সাধাৰণ জনতাই জীয়াতু ভূগিবলগীয়া হোৱাৰ বিষয়ে আক্ষেপ প্ৰকাশ কৰে আছুৰ সম্পাদকগৰাকীয়ে ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজ্য় চৰকাৰক কঠোৰ সকিয়নী প্ৰদান কৰে আছুৰ সম্পাদক লুৰিণজ্য়োতি গগৈয়ে ৷

লগতে চাওকঃ নতুন ভূমি নীতিৰ বিৰুদ্ধে তেজপুৰত গৰজি উঠিল আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.