ETV Bharat / state

অৰুণাচল প্ৰদেশত মৰাণ জনজাতিৰ ৰাতি বিহু উদযাপন - মৰাণ জনজাতীয় লোক

অৰুণাচল প্ৰদেশত মৰাণ ছাত্ৰ সন্থাৰ ৰাতি বিহু উদযাপন ৷ মানুহ বিহুৰ দিনাই অৰুণাচল প্ৰদেশৰ লেকাং বিধানসভা সমষ্টিৰ কৌপাতনি ৰাজহুৱা খেলপথাৰত 'ৰাতি বিহু' পালন (Rati Bihu celebrated in Arunachal Pradesh) ।

Rati Bihu celebrated in Arunachal Pradesh
অৰুণাচল প্ৰদেশত মৰাণ জনজাতিৰ ৰাতি বিহু উদযাপন
author img

By

Published : Apr 22, 2022, 10:08 PM IST

তিনিচুকীয়া, 22 এপ্ৰিল : অৰুণাচল প্ৰদেশৰ লেকাং কৌপাতনিত মৰাণ জনজাতিৰ ৰাতি বিহু উদযাপন মৰাণ ছাত্ৰ সন্থাৰ (Rati Bihu celebrated in Arunachal Pradesh)। উজনিৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰী লৈকে এতিয়াও বিহুৰ আনন্দ উল্লাস অব্যাহত আছে । অসমত বসবাস কৰা ভূমিপুত্ৰ মৰাণসকলে ব'হাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা আৰম্ভ কৰে ব'হাগ বিহু ।

ব'হাগ মাহৰ প্ৰথম মংগলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে পালন কৰে মানুহ বিহু । দীৰ্ঘদিন ধৰি মৰাণ সকলে ব'হাগ বিহুত সাত দিন সাত ৰাতি পালন কৰি আহিছে । সদৌ মৰাণ ছাত্ৰ সন্থাৰ, ডিৰাক আৰু লেকাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ সকলো দল সংগঠনৰ উদ্যোগত বৃহস্পতিবাৰে মানুহ বিহুৰ দিনাই অৰুণাচল প্ৰদেশৰ লেকাং বিধানসভা সমষ্টিৰ কৌপাতনি ৰাজহুৱা খেলপথাৰত পালন কৰিলে 'ৰাতি বিহু'।

অৰুণাচল প্ৰদেশত মৰাণ জনজাতিৰ ৰাতি বিহু উদযাপন

মৰাণ জনজাতীয় লোকসকলে ৰাতি বিহুৰ বাবে যুৱতীসকলক ঘৰে ঘৰে গৈ পিতৃ-মাতৃক তামোল-পাণ দি সেৱা কৰি কন্যাগৰাকীক ৰাতি বিহুৰ বাবে নিমন্ত্ৰণ জনাই । পিতৃ সকলেও কেনেবাকৈ নিজৰ কন্যাগৰাকী ৰাতি বিহুৰ খোলাৰ পৰা হেৰাই যাই তেতিয়া হ'লে মাটিৰ এগৰাকী ছোৱালী বনাই আমাক চমজাই দিব লাগিব বুলি দাবী জনাই নিজৰ কন্যাক ৰাতি বিহু মাৰিবৰ বাবে পঠাই দিয়ে ।

ৰাতি বিহু উদযাপন সময়ত ডেকাসকলে ঢোলৰ সলনি বাঁ‌হৰ চাকচনি বাঁ‌হত কোবাই কোবাই মৰাণ জনজাতিৰ গীত গাই নাচনীসকলক নচুৱাই আনন্দ উল্লাস কৰে । ৰাতি বিহুৰ উদযাপন দিনা অঞ্চলটোৰ প্ৰায় ৫০০ গৰাকীতকৈ অধিক যুৱতী নৃত্য কৰে । বিহু উদযাপন আৰু মৰাণ কলাকৃষ্টি প্ৰদৰ্শন কাৰ্যসূচীৰ পুৱাৰ ভাগতেই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনে আৰম্ভ কৰে কাৰ্যসূচী ।

ইফালে, সন্ধিয়াৰ ভাগত মৰাণ জনজাতিৰ পুৰণি খেল পাখা আৰু কৰি খেল অনুষ্ঠিত কৰা হয় । ৰাতি বিহু উদযাপন আৰু মৰাণ কলাকৃষ্টি প্ৰদৰ্শন কাৰ্যসূচীৰ লগত সংগতি ৰাখি 'হাঁ‌চতি' নামেৰে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই । ইফালে ৰাতি বিহু কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ ৪৮ নং বিধানসভা সমষ্টিৰ বিধায়িকা জামুন ইথে দেউৰীয়ে ।

লগতে পঢ়ক : জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত জুলুকীৰ বিহুতলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.