ETV Bharat / state

অগ্নিকুণ্ড বাঘজানত ক্ষোভিত ৰাইজ-সেনাবাহিনীৰ মাজত বাক-বিতণ্ডা

author img

By

Published : Jun 17, 2020, 10:59 PM IST

অগ্নিকুণ্ড বাঘজানত পুনৰ উত্তপ্ত পৰিস্থিতি । ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষই লেহেমীয়া গতিৰে কাম কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷

baghjan oil fire
baghjan oil fire

ডুমডুমা, 17 জানুৱাৰী : অগ্নিকুণ্ড বাঘজানত বুধবাৰে পুনৰ এক উত্তপ্ত পৰিস্থিত সৃষ্টি হয় । চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ বাদে একোৱেই নোপোৱাৰ অভিযোগ কৰিছে বাঘজানবাসী ৰাইজে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ জৰীপ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষই লেহেমীয়া গতিৰে কাম কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে ।

অগ্নিকুণ্ড বাঘজানত পুনৰ উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, মংগলবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত বাঘজান মিলজ্যোতি যুৱক সংঘ, অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ মাজত এক ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল । এই সভাখনতো বাঘজানবাসী ৰাইজক কোনোধৰণৰ সিদ্ধান্ত দিবৰ বাবে সক্ষম নহ'ল অইল ইণ্ডিয়া কৰ্তৃপক্ষ । ইফালে, ক্ষতিগ্ৰস্থ লোকসকলক অইল ইণ্ডিয়া কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াত লেহোমীয়া কৰাৰ অভিযোগ কৰিছে বাঘজান মিলজ্যোতি যুৱক সংঘৰ সদস্যসকলে । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বাঘজান ই.পি.এছৰ সন্মুখত স্থানীয় লোক আৰু সেনাবাহিনীৰ মাজত এক বাক-বিতণ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : ভাৰত-চীনৰ যুযুধান ৰূপ : লে:কৰ্ণেল (অৱসৰ প্ৰাপ্ত) এ কে নন্দীৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.