ETV Bharat / state

পূজালৈ মাজত মাত্ৰ কেইটামান দিন, শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী ...

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শংখ, ঘন্টা,বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ মাজত । সমান্তৰালকৈ দুৰ্গতিনাশিনীক আদৰাৰ পূৰ্বে বিশ্বখনিকৰক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী ৷ চৌদিশে চলিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি ৷ চাওক এই প্ৰতিবেদন....

author img

By

Published : Sep 14, 2019, 2:50 PM IST

চৌদিশে চলিছে পূজাৰ প্ৰস্তুতি

শাৰদী ৰাণীৰ আচলত ধৰি আকৌ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ শংখ, ঘন্টা,বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ মাজত । সমান্তৰালকৈ দুৰ্গতিনাশিনীক আদৰাৰ পূৰ্বে বিশ্বখনিকৰক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী ৷ চৌদিশে চলিছে নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ পূজাৰ প্ৰস্তুতি ৷

চৌদিশে চলিছে পূজাৰ প্ৰস্তুতি

শাৰদী ৰাণীৰ আচলত ধৰি আকৌ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ শংখ, ঘন্টা,বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ মাজত । সমান্তৰালকৈ দুৰ্গতিনাশিনীক আদৰাৰ পূৰ্বে বিশ্বখনিকৰক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী ৷ চৌদিশে চলিছে নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ পূজাৰ প্ৰস্তুতি ৷

চৌদিশে চলিছে পূজাৰ প্ৰস্তুতি
Intro:শাৰদীয় দুৰ্গোৎসৱৰ লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পী সকলৰ। মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল । চাওক আমাৰ এক প্ৰতিবেদন।

Body:আকৌ আহিল শৰৎ। নিৰৱে ফুলিছে শৰতৰ ফুল। পথাৰৰ সেউজীয়া ধাননি দৰাৰ পৰা নৈ পাৰত ফুলা কহুৱা গছেও আনিছে শৰতৰ বতৰা। চোতালত শেৱালী জোপাও ডাল ভৰি ফুলিছে। এপাহ দুপাহ কৈ ফুলিছে শৰতৰ ভিন্ন ৰঙী ফুল।ৰিব্ ৰিব্ মলয়াৰ বা’ ত কঁহুৱাই হালি জালি নাচি উঠিছে। শৰৎ মানেই উৎসৱৰ বতৰা। শৰতৰ বতৰত আৰম্ভ হয় শাৰদীয় উৎসৱ। কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব শাৰদীয় উৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পী সকলৰ। সেই একেই ব্যস্ততা পৰিলক্ষিত হৈছে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ মৃৎ শিল্পীসকলৰ মাজতো। বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান , দোকান-পোহাৰৰ বাবে প্ৰতিমা সাজু কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। সৰু-বৰ বিভিন্ন আকাৰৰ বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণ কৰি ৰং-তুলিকাৰ কামত ব্যস্ত হৈ পৰিছে খনিকৰসকল। টিংখাং ৰাজগড়ৰ ডাঙলপাৰাৰ নন্দদুলাল পাল আৰু সুপাঙ্কৰ পাল নামৰ পিতা-পুত্ৰ এতিয়া ভীষণ ব্যস্ত বিশ্ব-খনিকৰৰ প্ৰতিমা নিৰ্মাণত।

Byte - মৃৎ শিল্পী
Conclusion:বিগত প্ৰায় দহ বছৰে এনেদৰে প্ৰতিমা নিৰ্মাণৰ কামত জড়িত হৈ আছে নন্দদুলাল পাল নামৰ প্ৰতিমাৰ খনিকৰজন। আনহাতে দেউতাকৰ বৃত্তিত হাত উজান দিছে পুত্ৰ সুপাংকৰ পালে। টিংখাং -ৰাজগড়ৰ বিভিন্ন পূজা মণ্ডপত এই মৃণ্ময় মূৰ্ত্তিসমূহ প্ৰতিষ্ঠা কৰা হ'ব। এনে একোটা বিশ্বকৰ্মা প্ৰতিমাৰ মূল্য ১২০০ টকাৰ পৰা ২০০০ টকাৰ ভিতৰত। বিশ্বকৰ্মা মূৰ্ত্তিৰ সমান্তৰাল ভাৱে
মা-মনসা , দেৱী দুৰ্গাৰ প্ৰতিমাৰে ভৰি পৰিছে নন্দদুলাল পালৰ ঘৰৰ চৌহদ। অৱশ্যে প্ৰতিমা নিৰ্মাণত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ মৃৎ-শিল্পী গৰাকীয়ে।


টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.