কাকপথাৰ, 8 অক্টোবৰ: মঙলবাৰে বিজয়া দশমীৰ মাজতে তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হ'ল অঘটন ৷ ৰাইজৰ মাজত দুৰ্গোৎসৱৰ উৎসাহ মাৰ নৌযাওঁতেই কাকপথাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ঘটনা অনুসৰি দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ বাবে অহা গাওঁৰক্ষী বাহিনীৰ সভাপতিক কোনো কাৰণ নোহোৱাকৈয়ে এজন আৰক্ষী জোৱানে বেয়াকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা ৷ কুমচাং 5 নং বালিঘাটত প্ৰতিমা বিসৰ্জনৰ সময়তে দিনেশ চাঁওতাল নামৰ এজন গাওঁৰক্ষী বাহিনীৰ সভাপতিক মাৰপিট কৰে এজন আৰক্ষী জোৱানে ৷
এই কথা ৰাজহুৱা হোৱাত বিনা দোষত ব্যক্তিজনক মাৰপিট কৰা জোৱানজনৰ শাস্তিৰ দাবীত কাকপথাৰ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে ৷ ইফালে ৰাইজে এই থানা ঘেৰাও কাৰ্যসূচী নিশা বহুপৰলৈ অব্যাহত ৰাখে ৷ শেষত জোৱানজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচতহে এই উত্তেজনাৰ শাম কাটে ৷ উল্লেখযোগ্য যে, কাকপথাৰৰ হিন্দুস্তানী দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছিল ঘটনা সংঘটিত হোৱা উক্ত স্থানত ৷