ETV Bharat / state

Public Protest in Tinsukia: তীব্ৰবেগী বাহন নিয়ন্ত্ৰণ কৰক, আৰু সুৰেণক হেৰুৱাব নিবিচাৰো

তিনিচুকীয়া শুকানপুখুৰীৰ বাইপাছত ৰাইজৰ প্ৰতিবাদ ৷ মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷ তীব্ৰ বেগী বাহন নিয়ন্ত্ৰণৰ দাবী ৰাইজৰ ৷

Public Protest in Tinsukia
তীব্ৰবেগী বাহন নিয়ন্ত্ৰণ কৰক
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:15 PM IST

তীব্ৰবেগী বাহন নিয়ন্ত্ৰণ কৰক

তিনিচুকীয়া,26 আগষ্ট: তিনিচুকীয়া শুকানপুখুৰীৰ বাইপাছত ৰাইজৰ প্ৰতিবাদ ৷ মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷ ঘটনা অনুসৰি শুকুৰবাৰে সন্ধিয়া মাকুম দিশৰ পৰা তিনিচুকীয়া দিশে গৈ থকা এখন কেঁচা চাহপাত ভৰ্তি বাহনে খুন্দা মাৰিছিল সুৰেণ মূর্মু নামৰ লোকজনক ৷ ফলত গুৰুতৰভাবে আহত হয় চান্দমাৰী গাঁৱৰ নিবাসী সুৰেণ মূর্মু ৷ ইফালে আহত সুৰেণক স্থানীয় লোকে উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু শনিবাৰে চিকিৎসকে মৃত বুলি ঘোষণা কৰে লোকজনক ৷

শনিবাৰে সুৰেণ মূর্মুৰ মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰে ৰাইজে ৷ ফলত বাইপাছৰ দুয়োটা স্থানত ব্যাপক যান-জঁটৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত তিনিচুকীয়াৰ আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

আনহাতে প্ৰতিবাদকাৰীসকলৰ দাবী, মৃতকৰ পৰিয়ালক পাঁচ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব লাগিব ৷ উক্ত স্থানত গতিৰোধক নিৰ্মাণ কৰা আৰু পোহৰৰ ব্যৱস্থা কৰিব লাগিব ৷ তীব্ৰবেগী বাহনৰ দৌৰাত্ম নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ জৰিয়তে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, সন্ধিয়া হ’লে চাহপাত ভৰ্তি বাহনৰ বাবে সাধাৰণ মানুহে সেই পথেৰে অহা যোৱা কৰিব নোৱাৰে ৷ ইখন বাহনে সিখন বাহনক অতিক্ৰম কৰিবলৈ গৈ এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ সেয়ে উক্ত স্থানত স্পীড ব্ৰেকাৰ ব্যৱস্থা লাগে ৷ অন্যথা ইয়াতকৈ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক:Success of Chandrayaan-3 : আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাৰ শহুৱেকৰ বাসগৃহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.