ডুমডুমা, 26 আগষ্ট: বুধবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰিলে দাইছাজানৰ ৰাইজৰ লগতে ছাহ জনজাতি ছাত্ৰ সন্থাই ৷ যোৱা ২৩ আগষ্টত মটৰ চাইকেলেৰে গৰুৰ জাক এটাৰ মাজত সোমাই গৈ দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী লোক ৷ দুৰ্ঘটনাত পতিত শচীন চাওৰা নামৰ লোকগৰাকীক অতি সংকটজনক অৱস্থাত লৈ যোৱা হৈছিল ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ ৷
কিন্তু 24 ঘণ্টাৰ পাচতো চিকিৎসালয় খনত লোকগৰাকীক কোনো ধৰণৰ উচিত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ যাৰ বাবে লোকগৰাকীয়ে মৃত্যু সাৱটি ল'বলগীয়া হয় ৷ আনহাতে মৃত্যুৰ দুঘণ্টা পূৰ্বে লোকগৰাকী কৰ'ণাত আক্ৰান্ত বুলি COVID কেয়াৰ ৱাৰ্ডলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু COVID কেয়াৰ ৱাৰ্ডলৈ প্ৰেৰণ কৰাৰ দুঘণ্টা পাচতে লোকগৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই মৃত বুলি ঘোষণা কৰে ৷ স্বাস্থ্য বিভাগত এনে কাৰ্যক চৰম গাফিলতি বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই লোকগৰাকীয়ে মৃত্যুক সাৱটি লৈছে বুলিও উল্লেখ কৰে তেওঁলোকে ৷ মৃত লোকগৰাকী কৰ'ণা আক্ৰান্ত বুলি তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই নিদিয়া কাৰ্যতো ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷
লগতে পঢ়ক: কৰ’ণাত আক্ৰান্তৰ মৃত্য়ুত প্ৰতিবাদ আটছাৰ