ETV Bharat / state

Protest in Tinsukia: নাবালিকাৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ - নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবী

নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাক লৈ উত্তপ্ত তিনিচুকীয়া । নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত সমুন্দ্ৰে ৰায়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিয়ে (Protest demanding arrest of minor rapist in Tinsukia) ।

Protest demanding arrest of minor rapist in Tinsukia
নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ
author img

By

Published : Apr 19, 2023, 9:03 PM IST

নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

তিনিচুকীয়া, ১৯ এপ্ৰিল: ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ধর্ষণ, বাল্যবিবাহ, মাদক দ্রব্য ইত্যাদিৰ বিষয়ত কঠোৰ নীতিৰে নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে (Assam Police against Crime) । কিন্তু তাৰ পাচতো বহু সময়ত এই সামাজিক কু-কৰ্মবোৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে বিফল হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী প্ৰায় ৫০ ঊৰ্ধৰ লোকৰ বিৰুদ্ধে ।

পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গৰ তৰফৰ পৰা ২১ মাৰ্চত বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ সেয়ে বুধবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest demanding arrest of minor rapist in Tinsukia ) ৷

প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰী সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী তোলে ৷ লগতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱাত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarmah) ভুক্তভোগী আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে (Protest in Tinsukia) ৷

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বসকলৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰত উল্লিখিত অনুসৰি, তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানৰ অন্তৰ্গত থকা কাটানি গাঁৱৰ সমুন্দ্ৰে ৰায় নামৰ ব্যক্তিজনে যোৱা ২০ মাৰ্চত একে গাঁৱৰে এগৰাকী ষষ্ঠ শ্ৰেণীৰ নাবালিকাক বলপূৰ্বকভাৱে আৰু ভয় ভাবুকি দেখুৱাই ধৰ্ষণ কৰে বুলি ২১ মাৰ্চত পৰিয়লবৰ্গই বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে, আৰক্ষী প্ৰশাসনৰ ওচৰত অত্যাধুনিক প্রযুক্তিবিদ্যা সা-সামগ্ৰী থকাৰ পাচতো তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ অৱহেলাৰ বাবে এজাহাৰ দাখিল কৰাৰ পাচতো আজিলৈকে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তি জিলা সমিতিৰ তৰফৰ পৰা অতিশীঘ্ৰে ধৰ্ষণকাৰী সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়া, ধৰ্ষিতা নাবালিকাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা দাবী উত্থাপন কৰে ।

অন্যথা অনাগত দিনত তিনিচুকীয়া জিলাত ৰাইজৰ সহযোগত তীব্র আন্দোলন কার্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে দুয়োটা সংগঠনৰ নেতৃত্বই ৷

লগতে পঢ়ক: Nagaon medical college: নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত ডাঃ মিহিৰ কুমাৰ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.