মাৰ্ঘেৰিটা, 12 ফেব্ৰুৱাৰী: মিছা প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰ শাসনলৈ অহাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে চাহ জনগোষ্ঠীৰ শতাধিক লোকে মজুৰী বৃদ্ধিৰ দাবীৰে মাৰ্ঘেৰিটাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুইঘন্টীয়া ধৰ্ণা সাব্যস্ত কৰে ৷
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্ছা) ৰ উদ্যোগত শুকুৰবাৰে আট্ছাৰ মাৰ্ঘেৰিটা শাখা, ডিগবৈ শাখা আৰু পেঙেৰী শাখাৰ কৰ্মী সকলৰ লগতে চাহ জনগোষ্ঠীৰ শতাধিক লোকে চাহ শ্ৰমিকৰ মজুৰী 351 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷
বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক লৈ কোনো সৎ চিন্তা কৰা নাই বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে লগতে অভিযোগ কৰে যে, বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে চাহ জনজাতিৰ লোক সকলক যি প্ৰতিশ্ৰুতি দিছিল , সেই প্ৰতিশ্ৰুতি আজিকোপতি সম্পূৰ্ণ নকৰিলে ৷ যাৰ বাবে চাহ জনগোষ্ঠীৰ লোক সকলে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগীয়া হৈছে ৷
প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে, বিজেপি চৰকাৰৰ শাসনভাৰ প্ৰায় শেষ হ'বলৈ হ'ল ৷ কিন্তু, এই পাঁচ বছৰত চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণ কৰাৰ মিছা প্ৰতিশ্ৰুতি দি চৰকাৰখনে সেই দাবী পূৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত ন'হল ৷
প্ৰতিবাদত অংশ লৈ আট্ছাৰ নেতৃবৰ্গই অভিযোগ কৰে যে, চাহ শ্ৰমিক সকলে মজুৰি বৃদ্ধি এক আশা হৈ ৰৈ যোৱাৰ লগতে চাহ জনগোষ্ঠীৰ লোক সকলে ভূমি পট্টাও নাপালে আৰু জনজাতিকৰণো ন'হল ৷ যাৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ বাবে চাব জনগোষ্ঠীৰ লোক সকলৰ বাবে এতিয়া প্ৰতিবাদেই একমাত্ৰ পথ হৈ পৰিছে ৷
লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আতংক