শদিয়া, 13 জুলাইঃ শদিয়াৰ ১২৬ নং বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত সমষ্টিটোৰ একাংশ ৰাইজৰ ৷ কাকপথাৰৰ পৰা বৰপথাৰ হাঁহখাটি নেপালী গাঁও হৈ ধলালৈ যোৱা সংযোগী পথত তথা ধলা নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছে উষাপুৰবাসীয়ে ৷ কিন্তু ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি বিধায়ক বলিন চেতিয়াই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ যাৰ বাবে সোমবাৰে পুৱা উষাপুৰবাসী ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বলিন চেতিয়া হুছিয়াৰ, বলিন চেতিয়া গ'বেক ইত্যাদি শ্ল'গানে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয়ই ৷ তাৰোপৰি আগন্তু ২০২১চনৰ নিৰ্বাচনত বিধায়ক গৰাকীক এসেকা দিয়াৰ সংকল্প গ্ৰহণ কৰে উষাপুৰবাসীয়ে ৷
উল্লেখ্য যে, উষাপুৰ অঞ্চলত দলংখনৰ লগতে বাট, পথৰ সমান্তৰালভাবে কোনো ক্ষেত্ৰতে আজিকোপতি উন্নয়নৰ মুখ দেখা নাই অঞ্চলবাসীয়ে ৷ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ অহা-যোৱা, ৰোগীকে ধৰি জৰুৰীকালীন যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হয় অঞ্চলটোত ৷ স্থানীয় ৰাইজে কেইবাবাৰো বিধায়ক বলিন চেতিয়াৰ ওচৰত দলংখন নিৰ্মাণ বাবে অনুৰোধ জনাই ঘৰলৈ গৈছিল যদিও চাহ খাবলৈ কিবা এটা দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷