শদিয়া, 13 অক্টোবৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক আদৰ্শ মহাবিদ্যালয় নামকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাকপথাৰত ৷ ৰাজ্য চৰকাৰে আদৰ্শ মহাবিদ্যালয়খন অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামেৰে নামকৰণ কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিচত পুনৰ নাম সলনি কৰিবলৈ ব্যৱস্থা কৰাক লৈ মঙলবাৰে এখন সংবাদমেল আয়োজন কৰে 6 টাকৈ জাতীয় সংগঠনে ৷
কাকপথাৰ আৰ্ৱত্ত ভৱনত আয়োজন কৰা সংবাদমেলৰ যোগেদি কোনো কাৰণতে নাম বদলি কৰাৰ বিষয়টো সহ্য কৰা নহ'ব বুলি স্পৰ্ষ্ট কৰি দিয়ে ৷ মৰাণ ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, শাখা সাহিত্য সভা, কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিয়ে আয়োজন কৰা সংবাদমেলত ৰাজ্য চৰকাৰে অসমীয়া সাহিত্যৰ পিতামহস্বৰূপ পদ্মনাথ গোহাঞি বৰুৱাক অপমান কৰা বুলি মন্তব্য কৰাৰ লগতে ৰাজনৈতিক লাভালাভৰ বাবে অসমীয়াৰ জাতীয় চেতনা, আৱেগক লৈ খেলা নকৰিবলৈ সকিয়নী প্ৰদান কৰে ৷
সংগঠন কেইটাই শীঘ্ৰে জিলা উপায়ুক্ত, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ডিৰাক কপাহতলি আদৰ্শ মহাবিদ্যালয়খন পদ্মনাথ গোহাঞি বৰুৱা আৰ্দশ মহাবিদ্যালয় নামতেই ৰাখিবলৈ দাবী জনাব বুলি সংবাদমেলত জানিব দিয়ে ৷
লগতে পঢ়ক : প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা