তিনিচুকীয়া, ২৬ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত আজি আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতিসমূহৰ প্ৰতিনিধিৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত দুৰ্গা পূজা উদযাপনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় । আয়ুক্ত স্বপ্নীল পালে দুৰ্গোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।
জিলা আয়ুক্তগৰাকীয়ে সকলো পূজা সমিতিকে পূজা অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাৰ লগতে বিদ্যুৎ বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এনঅচি ল'বলৈ আহ্বান জনায় । প্ৰতিখন পূজা উদযাপন সমিতিয়ে পূজা মণ্ডপ নিৰ্মাণ কৰোতে ৰাজহুৱা বাট-পথ যাতে আৱদ্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু পূজা মণ্ডপত পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে স্বেচ্ছাসেৱকসকলৰ নাম নিকটৱৰ্তী আৰক্ষী চকীত জমা দিবলৈ আহ্বান জনায় । তদুপৰি প্ৰতিটো পূজাথলীত চিচি টিভি কেমেৰা সংস্থাপনৰ লগতে পুৰুষ-মহিলাৰ বাবে পৃথকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা বাঞ্ছনীয় বুলি উল্লেখ কৰে ।
পূজা মণ্ডপত অগ্নি নিৰ্বাপনৰ জৰুৰীকালীন ব্যৱস্থা ৰখাৰ লগতে জৰুৰীকালীন নম্বৰসমূহ দৰ্শনাৰ্থীৰ নজৰত পৰাকৈ ৰখাটো জৰুৰী বুলিও তেওঁ কয় । জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰতিখন পূজা উদযাপন সমিতিক প্ৰদূষণমুক্ত আৰু পৰিবেশ অনুকূল দুৰ্গোৎসৱ উদযাপনৰ বাবে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় । প্ৰতিখন পূজা মণ্ডপত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখি পৰ্যাপ্ত ডাষ্টবিন ৰাখিবলৈ আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থকিবলৈয়ো জিলা আয়ুক্তই আহ্বান জনায় ।
এই সভাত নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰা,মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰা আৰু বিসৰ্জনৰ দিনা গুইজান ঘাটৰ লগতে আন নিৰ্ধাৰিত ঘাটসমূহত প্ৰতিমা বিসৰ্জনৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ লগতে পূজা সমিতিসমূহক কেতবোৰ নিৰ্দেশনা দিয়া হয় । সভাত তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে পূজাৰ দিনকেইটাত জিলাখনত আইন-শৃংখলা অটুট ৰখাৰ লগতে সুৰক্ষিত আৰু শৃংখলাবদ্ধ দুৰ্গা পূজা উদযাপনৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে ।
উল্লেখযোগ্য যে পূজা সমিতিসমূহে অনুমতিৰ বাবে "ASSAM POLICE SEVA SETU" (অসম আৰক্ষী সেৱা সেতু) প'ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব লাগিব । এই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ'লে নিকটৱৰ্তী আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিব পাৰিব । জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই আতঁধৰা এই সভাত অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, তিনিচুকীয়া সদৰ মহকুমাধিপতি নুজহত ন'ছৰিন প্ৰমুখ্যে ৰাজহচক্ৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু পূজা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
লগতে পঢ়ক:Invention of IIT Guwahati:পানীৰ মিশ্ৰণৰ পৰা জৈৱ ইন্ধন পৃথক কৰা পদ্ধতি উদ্ভাৱন গুৱাহাটী আই আই টিৰ