ETV Bharat / state

All Assam Moran Students Union : মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিকৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 8:08 PM IST

17 আৰু 18 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন ৷ মাকুমৰ হেবেদা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত বৃহস্পতিবাৰে স্থাপন কৰা হয় অধিবেশনৰ লাইখুটা ৷

All Assam Moran Students Union
মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ অধিবেশন
মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন

তিনিচুকীয়া, 9 নৱেম্বৰ : অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা ৷ সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন খনি অতি উলহ মালহেৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে সংগঠনটোৱে ৷ মাকুমৰ হেবেদা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে সংগ্ঠনটোৱে ৷

এই অধিবেশনৰ লাইখুটা মাকুমৰ হেবেদা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত বৃহস্পতিবাৰে স্থাপন কৰা হয় ৷ সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু মাকুম আঞ্চলিক সমিতিৰ সদস্য-সদস্যা সকলৰ উপস্থিতিত হেবেদা মায়ামৰা নামঘৰৰ বৰ বুঢ়া কুমুদ বৰুৱাই ভকতবৃন্দৰ সহযোগত লাইখুটা স্থাপন কৰে ৷

বৃহস্পতিবাৰে লাইখুটা স্থাপন অনুষ্ঠানৰ জৰিয়তেই 17 আৰু 18 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা অধিবেশন খনত সমূহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণৰ লগতে মাকুম আঞ্চলিক সমিতি তথা উদযাপন সমিতিয়ে ৷ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই অধিৱেশনখনিত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷

উল্লেখ্য যে, মৰাণ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি বলিষ্ঠভাৱে মাত মাতি আহিছে মৰাণ ছাত্ৰ সন্থাই ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন সমস্যা সমাধানৰ লগতে জনগোষ্ঠীটোৰ সামগ্ৰিক উত্তৰণৰ বাবে মাত মাতি অহাৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে সংগঠনটোৱে ৷

ইফালে জনজাতিকৰণ আৰু স্বায়িত্ব শাসনৰ দাবীত সংগঠনটোৱে সুদীৰ্ঘ দিন ধৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

লগতে পঢ়ক : Golaghat Book Fair : গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.