তিনিচুকীয়া, 7 জানুৱাৰীঃ মঙলবাৰে অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ বদল কৰা হয় ৷ কাৰ্বিআংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ গগৈক মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয় ৷

শদিয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীকো বদলি কৰা হয় ৷ কাৰ্বিআংলঙৰ নতুন আৰক্ষী অধীক্ষক হ’ব 'অপাৰেচন স্পেচিয়েলিষ্ট' দেৱজিত দেউৰী ৷ ইপিনে অপৰাধ অনুসন্ধান সংস্থাৰ আৰক্ষী অধীক্ষক লীনা দলেকো বিশেষ শাখালৈ বদলি কৰা হয় ৷ এক নিৰ্দেশনা যোগে জনতা ভৱনে এই কথা সদৰি কৰে ৷

লগতে পঢ়ক - পুনৰ মাওবাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱাল