ETV Bharat / state

নাজিৰাটিঙত এখন দলঙৰ বাবে ৰাইজৰ হাহাকাৰ - নাজিৰাটিঙত এখন স্থায়ী দলঙক লৈ হাহাকাৰ

নাজিৰাটিঙৰ ময়লাজান নৈ (moylajan river)ত এখন উন্নতমানৰ দলং নথকা হেতুকে যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনোৱাৰ পাচতো দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা জন প্ৰতিনিধিয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

poor-condition-of-road-communication-in-nazirating
নাজিৰাটিঙত এখন স্থায়ী দলঙক লৈ হাহাকাৰ
author img

By

Published : Jun 11, 2021, 10:29 PM IST

ডুমডুমা,11 জুন : ডুমডুমাৰ ফিল’বাৰীৰ নাজিৰাটিঙৰ ময়লাজান নৈ(moylajan river)ত আজিও নিৰ্মাণ নহ’ল এখন দলং ৷ বাৰিষাৰ আৰম্ভণিতেই বাঢ়নী পানীত উটি গ’ল ৰাইজে নিৰ্মাণ কৰা সাঁকো । চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনোৱাৰ পাচতো তিনিচুকীয়া জিলা(tinsukia district)ৰ ফিল’বাৰী অঞ্চলৰ নাজিৰাটিং গাঁৱৰ ৰাইজে ময়লাজান নৈৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৱেদি পাৰ হৈ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘৰ এটি জৰাজীৰ্ণ পথেৰেই অব্যাহত ৰাখিছিল বহিঃবিশ্বৰ সৈতে সংযোগ ।

নাজিৰাটিঙত এখন স্থায়ী দলঙক লৈ হাহাকাৰ

কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাইজে নিৰ্মাণ কৰি লোৱা সাঁকোখন চলিত বাৰিষাৰ প্ৰথমজাক বৰষুণৰ বাঢ়নী পানী(flood)ৰ সোঁতে উটুৱাই নিয়ে ৷ যাৰ ফলস্বৰূপে ৰাইজৰ পোনপটীয়া যোগাযোগ ব্যাহত হৈ পৰে ৷ ইয়াৰ পাচতে প্ৰায় 6 কিলোমিটাৰ বক্ৰপথ অতিক্ৰম কৰিবলগীয়া হৈছে ভুক্তভোগী ৰাইজে ।

চিকিৎসালয়, বিদ্যালয়, হাট-বজাৰলৈ নৈ পাৰ হৈ যাবৰ বাবে অস্থায়ী বাঁহৰ সাঁকোৰ পৰিৱৰ্তে এখন স্থায়ী দলং নিৰ্মাণ(bridge construct)ৰ বাবে স্থানীয় ৰাইজে বহুবাৰ স্থানীয় ডুমডুমা সমষ্টিৰ বিধায়ক, লোক নিৰ্মাণ বিভাগ তথা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগক আবেদন জনাই আহিছে ৷ কিন্তু এই আবেদনৰ প্ৰতি আজি পৰ্যন্ত কোনেও গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই । বিশেষকৈ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে সংশ্লিষ্ট বিভাগক এই পথ আৰু দলং নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দোৱা নৈপৰীয়া ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.