ETV Bharat / state

ফিল’বাৰীৰ নামহুলোং জলসিঞ্চন প্ৰকল্পৰ দুৰৱস্থা - বুঢ়ীদিহিং মৌজা

তিনিচুকীয়াৰ ফিল’বাৰীৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত নামহুলোং জলসিঞ্চন প্ৰকল্পৰ বিধ্বস্ত ৰূপ ৷ 1962 চনত জলসিঞ্চন বিভাগৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল উক্ত প্ৰকল্প ৷ 2007 প্ৰায় এক কোটি বিশ লাখ টকা ব্যয় সাপেক্ষে ইয়াৰ মেৰামতি কৰা হৈছিল যদিও ই জহি-খহি যায় ৷ ফলত কৃষকসকলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

poor condition of namhulong irrigation system tinsukia assam etv bharat news
নামহুলোং জলসিঞ্চন প্ৰকল্পৰ দুৰৱস্থা
author img

By

Published : Jul 6, 2020, 5:50 PM IST

ডুমডুমা,6 জুলাই: দুৰৱস্থাৰ সন্মুখীন হৈছে তিনিচুকীয়াৰ নামহুলোং জলসিঞ্চন প্ৰকল্প ৷ তিনিচুকীয়াৰ ফিল’বাৰীৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত এই প্ৰকল্পটোৰ অৱস্থা দেখিলে চকু কপালত উঠিব প্ৰত্যেকৰে ৷ ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবে সম্প্ৰতি জহি-খহি গৈছে এই প্ৰকল্পটো ৷ উল্লেখ্য যে,1962 চনত জলসিঞ্চন বিভাগৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল প্ৰকল্পটো ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2007 প্ৰায় এক কোটি বিশ লাখ টকা ব্যয় সাপেক্ষে ইয়াৰ মেৰামতি কৰা হৈছিল যদিও ই পুনৰ জহি-খহি যায় ৷ ফলত কৃষকসকলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

নামহুলোং জলসিঞ্চন প্ৰকল্পৰ দুৰৱস্থা

প্ৰকল্পটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 60 খন গাঁৱৰ কৃষকসকল উপকৃত হৈছিল ৷ বৰ্তমান ফিল’বাৰীৰ কৃষি ভূমিসমূহত পানীৰ অভাৱৰ বাবে খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৷ লক্ষণীয়ভাৱে এই প্ৰকল্পটো মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যদিও কৃষিৰ সুবিধাৰ বাবে পানী কেৱল ডুমডুমা বিধানসভা সমষ্টিলৈ আহে । যাৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই এইক্ষেত্ৰত আগবঢ়োৱা নাই কোনো সহযোগিতা ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰকল্পটো শীঘ্ৰে পুনৰ মেৰামতিৰ দাবীৰে গ্ৰাম্য পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ বাৰিষাৰ কালছোৱাত প্ৰতি দিনে প্ৰায় তিনিশৰো অধিক পৰ্যটকৰ আগমন ঘটে উক্ত প্ৰকল্পস্থলীলৈ ।

লগতে চাওক: COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.