ETV Bharat / state

ডুমডুমাৰ কৰ্দৈগুৰিত পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে

author img

By

Published : Nov 12, 2020, 10:47 AM IST

কৰ্দৈগুৰি গাঁৱৰ পুৰুষ-মহিলাসকলে তেওঁলোকৰ মূল পথটো মেৰামতিৰ বাবে বৃহস্পতিবাৰে এক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে । কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ জৰাজীৰ্ণ পথটোৰ বাবে কৰ্দৈগুৰি গাওঁৰ ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছিল । গাঁও ৰাইজে হাতে হাতে দা-কোৰ লৈ পথটোৰ মাজত থকা প্ৰকাণ্ড গাতবোৰ শিল-মাটি আদিৰে মেৰামতি কৰে।

poor condition of a road in kordoiguri
ডুমডুমাৰ কৰ্দৈগুৰিত হাতে হাতে দা-কোৰ লৈ পথ মেৰামতিত নামিল স্থানীয় পুৰুষ-মহিলা

ডুমডুমা, 12 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰি গাঁৱৰ পুৰুষ-মহিলাসকলে তেওঁলোকৰ মূল পথটো মেৰামতিৰ বাবে বৃহস্পতিবাৰে এক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে । কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ জৰাজীৰ্ণ পথটোৰ বাবে কৰ্দৈগুৰি গাওঁৰ ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছিল ।

এই পৰিপেক্ষিতে গাঁৱৰ ৰাইজে হাতে হাতে দা-কোৰ লৈ পথটোৰ মাজত থকা প্ৰকাণ্ড গাতবোৰ শিল-মাটি দি মেৰামতি কৰে । ইফালে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় সাংসদ,বিধায়কক বাৰম্বাৰ আবেদন-নিবেদন কৰি থকাৰ পাছতো পথ নিৰ্মাণৰ ক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেয়েহে শ্ৰমদান কৰা পুৰুষ-মহিলা সকলে শ্ৰমদান স্থলীৰ পৰাই এই পথটোৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

লগতে পঢ়কঃমিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.