ETV Bharat / state

ডিগবৈ আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ

অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে (Assam Police) অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ ডিগবৈত চোৰাং তেলৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ৷ অভিযানত আটক 9 জন তেল চোৰ ৷

author img

By

Published : Jul 31, 2021, 8:53 AM IST

Updated : Jul 31, 2021, 7:28 PM IST

police-raid-against-oil-thief-gang-at-digboi
ডিগবৈত আৰক্ষীৰ জালত বৃহৎ তেল চোৰৰ চক্ৰ

তিনিচুকীয়া, 31 জুলাই : ৰাজ্যত নিষিদ্ধ ব্যৱসায়ৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অবিযানৰ মাজতে ডিগবৈত চোৰাং তেলৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ৷ অভিযানত তিনিচুকীয়া জিলাৰ ডিগবৈত এখন টেংকাৰসহ আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ তেল চুৰি চক্ৰ ৷ তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত আৰু ডিগবৈ আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান ৷ অভিযানত ডিগবৈৰ লক্ষীপথাৰ মামৰনিৰ অইল ইণ্ডিয়া লিমিটেডৰ 10 নম্বৰ খাদৰ পৰা হাৰিয়ানাৰ পঞ্জীকৃত এখন 14 চকীয়া তেলৰ টেংকাৰসহ মুঠ 9 জনকৈ লোকক আটক কৰে আৰক্ষীয়ে ৷

ডিগবৈ আৰক্ষীৰ জালত বৃহৎ তেল চুৰি চক্ৰ

উল্লেখ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱতি নিশা এই অভিযান চলাইছিল ৷ অভিযানত আৰক্ষীৰ দলটোৱে 38 নং ৰাষ্ট্ৰীয় ঘাইপথত এন আৰ এল পেট্ৰল ডিপুৰ সমীপৰ পৰা কৰায়ত্ব কৰে তেল চোৰৰ চক্ৰটোক ৷ উক্ত তেল চুৰি চক্ৰটোৱে টেংকাৰখনত লক্ষীপথাৰৰ বগাপানী 5 নং খাদৰ পৰা খাৰুৱা তেল ভৰ্তি কৰি আহি থাকোতেই আৰক্ষীৰ জালত পৰে ৷ আৰক্ষীৰ দলটো দেখি তেল চুৰৰ চক্ৰটোৱে পলাবলৈ চেষ্টা কৰিছিল যদিও 9 জনকৈ তেলচোৰৰ লগতে তেল ভৰ্তি টেংকাৰখন জব্দ কৰে আৰক্ষীয়ে ৷

police-raid-against-oil-thief-gang-at-digboi
চোৰাং তেলভৰ্তি টেংকাৰ খন

জব্দ হোৱা টেংকাৰখনৰ নম্বৰ-HR-61 D-9677 বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ টেংকাৰখনৰ মুঠ 5 টা চেম্বাৰত 4 হেজাৰ লিটাৰকৈ মুঠ 20 হেজাৰ লিটাৰ খাৰুৱা তেল আছিল বুলি প্ৰকাশ কৰিছে আটকাধীন চক্ৰটোৱে ৷

এই অভিযানত আটক হোৱা লোকসকলৰ ভিতৰত আছে কুখ্যাত তেল চোৰ তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱৰ লোহিত দুৱাৰা (44) , তিনিচুকীয়াৰ ভীমপাৰাৰ কৰ্ণ চেতিয়া ( 38), শুকানপুখুৰীৰ নৰেন বৰা( 31), বালুগাডাৰ সঞ্জয় যাদৱ (32), জিতেন্দৰ চাহ ( 28), লক্ষীপথাৰৰ ৰুনুজ্যোতি গগৈ (50) আৰু মন্টু গগৈ (35), উত্তৰ প্ৰদেশৰ মুজাফাৰ নগৰৰ নৰেন্দ্ৰ কুমাৰ (44) আৰু মদন কুমাৰ (30) ৷ বিগত কেইবা বছৰ ধৰি অইলৰ কৰ্মচাৰী, নিৰাপত্তাৰক্ষী তথা তেল চুৰৰে গঠিত বৃহৎ চক্ৰটোৱে আৰক্ষীৰ চকুত ধূলি মাৰি এইদৰেই খাৰুৱা তেল চুৰি কৰি দৈনিক লাখ লাখ টকা লুণ্ঠন কৰি আহিছিল ৷ দুৰ্ভাগ্যক্ৰমে শুকুৰবাৰে আৰক্ষীৰ জালত পৰা চক্ৰটোৰ সতে জড়িত আৰু বহুকেইজন লোক অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এইসকল কোনোপধ্যেই যাতে হাৰি যাব নোৱাৰে তাৰকাৰনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক সচেতন মহলে দাবী জনাইছে ৷

লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা দুপৰীয়া এটা কথা কয়: লুৰীণজ্যোতি গগৈ

Last Updated : Jul 31, 2021, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.