তিনিচুকীয়া, 8 ফেব্ৰুৱাৰীঃ বুধবাৰে পেঙেৰী আৰক্ষী চকীৰ অন্তৰ্গত ইনথেমত এগৰাকী বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণৰ পিচত হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি উত্তপ্ত হৈ পৰিছিল পেঙেৰী থানা চৌহদ ৷ আজি পুনৰ পেঙেৰী অঞ্চলৰ একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে পেঙেৰী থানা চৌহদত ৷ ঘটনা সংঘটিত হোৱাৰ দিনাই আৰক্ষীয়ে বুধেশ্বৰ গগৈ নামৰ এগৰাকী অভিযুক্তৰ লগতে, আন এগৰাকী অভিযুক্ত গোলাপ গগৈকো গ্ৰেপ্তাৰ কৰিছে যদিও, এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ লগত জড়িত আন কেইবাজনো অভিযুক্তক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাক লৈ সৰৱ হৈ পৰে পেঙেৰী অঞ্চলৰ একাংশ মহিলা ৷
লগতে পঢ়ক ঃ ৰাজ্যত তিনিদিনত সংঘটিত হ'ল তিনিটা জঘন্য ধৰ্ষণৰ ঘটনা