ETV Bharat / state

ULFA I extortion: আলফা (স্বা)ৰ নামত দাবী কৰা ধন নিবলৈ আহি আটক এজন

উজনি সক্ৰিয় হৈ উঠিছে আলফা(স্বা) ৷ বিগত কেইটামান দিনত ধনদাবীৰে বাতৰিৰ শিৰোনামত আছে আলফা(স্বা) ৷ উজনিৰ বিভিন্ন স্থানত আৰক্ষীয়ে অব্যাহত

one Man arrested for collecting money demanded by ULFA
আলফা(স্বা)ৰ নামত চলিছে ব্যাপক ধনদাবী
author img

By

Published : Jul 21, 2023, 9:16 PM IST

আলফা(স্বা)ৰ নামত চলিছে ব্যাপক ধনদাবী

তিনিচুকীয়া, ২১ জুলাই : বিগত কিছু দিন ধৰি তিনিচুকীয়া জিলাত আলফা(স্বা)ৰ নামত চলিছে ব্যাপক ধনদাবী ৷ সাম্প্ৰতিক সময়চোৱাত কেবাটাও তেনেধৰণৰ ধনদাবীৰ অভিযোগ পোৱাৰ পাচতে তিনিচুকীয়া আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত আৰু তাৰ পাচতেই শুকুৰবাৰে কাকপথাৰৰ পৰা সংগঠনটোৰ নামত দাবী কৰা ধন নিবলৈ অহা এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

আলফা (স্বা)ৰ কেপ্তেইন প্ৰজিত অসম উৰফে পাইলট অসমে দাবী কৰাৰ ধন কাকপথাৰ সৰুমেচাই গাঁৱৰ আলফা (স্বা)ৰ আত্মসমৰ্পণকাৰী সদস্য সঞ্জয় বৰুৱা উৰফে কবিৰ অসমে নিবলৈ আহোতেই যুৱকজনক আৰক্ষীয়ে আটক কৰে ৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা বেগত ১৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন লোকজনক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অহাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে জানিবলৈ দিয়া অনুসৰি, জিলাখনত দুটা ঠাইত তেনেদৰে ধনদাবী কৰাৰ অভিযোগ লাভ কৰা গৈছে আৰু এয়া কেডাৰসকলে ব্যক্তিগতভাৱে ধনদাবী কৰিবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে তেওঁ, যিহেতু ধনদাবী কৰা পত্ৰখনত আলফা(স্বা)ৰ কোনো পেইড অথবা ষ্টাম্প ব্যৱহাৰ কৰা নাই, মাথোঁ সাধাৰণভাৱে লিখি প্ৰেৰণ কৰা হৈছে নিজৰ নামত ৷

money demanded by ULFA
আলফা(স্বা)ৰ নামত চলিছে ব্যাপক ধনদাবী

উল্লেখ্য যে আটকাধীন সঞ্জয় বৰুৱা উৰফে কবিৰ অসমে ২০১৯ চনত আলফা(স্বা)ৰ পৰা ওলাই আহি আত্মসমৰ্পণ কৰিছিল ৷ শেহতীয়াকৈ কেপ্তেইন প্ৰজিত অসম উৰফে পাইলট অসমে সামজিক মাধ্যমৰ জৰিয়তে, ভিডিঅ ক’ল কৰি ধৃত লোকজনৰ সৈতে যোগাযোগ কৰিছিল আৰু ধমকি প্ৰদান কৰি দাবী কৰা ধন কঢ়িয়াই নিবলৈ নিৰ্দেশ দিছিল বুলি জানিবলৈ দিয়ে সঞ্জয় বৰুৱাই ৷

লগতে পঢ়ক : ULFA activities in Upper Assam:উজনি অসমত ধনদাবীৰে পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.