ETV Bharat / state

টিংৰাই বিস্ফোৰণ কাণ্ড: হীৰেন গগৈৰ পিছত লক্ষীপথাৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাই - digboi blast

টিংৰাইত শুকুবাৰে দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন অভিযুক্তকে মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে ৷ ডিগবৈত আটক কৰা যুৱকজন লক্ষীপথাৰৰ মুনু ওৰফে হীৰেন গগৈ আৰু আনজন ৰঞ্জিত চাংমাই (১৯) বুলি জানিব পৰা গৈছে ।

one-arrested-arrested-in-connection-with-digboi-blast
টিংৰাই বিস্ফোৰণ কাণ্ড: হীৰেন গগৈৰ পিছত লক্ষীপথাৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাইক
author img

By

Published : May 18, 2021, 10:15 PM IST

তিনিচুকীয়া, 18 মে’: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইত শুকুবাৰে দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন অভিযুক্ত যুৱককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে । ডিগবৈত আটক কৰা যুৱকজন লক্ষীপথাৰৰ মুনু ওৰফে হীৰেন গগৈ আৰু আনজন ৰঞ্জিত চাংমাই (১৯) বুলি জানিব পৰা গৈছে । মুনুয়ে ইয়াৰ আগত এটা সময়ত আলফাত আছিল আৰু শিৱসাগৰত সেনাবাহিনীৰ লগত সংঘৰ্ষত তেওঁৰ শৰীৰত গুলিও লাগিছিল ।

টিংৰাই বিস্ফোৰণ কাণ্ড: হীৰেন গগৈৰ পিছত লক্ষীপথাৰৰ পৰা গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাইক

আনহাতে, মুনু গগৈয়ে বিভিন্ন সময়ত বিভিন্ন ধন দাবীকে ধৰি অপৰাধমূলক কাৰ্য্যৰে জড়িত আছিল আৰু ডিগবৈৰ থানাত ইয়াৰ গোচৰো ৰুজু আছে বুলি জানিব পৰা গৈছে । মঙলবাৰে পুৱতি নিশা আটকাধীন হিৰেণ গগৈক আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে ৰঞ্জিত চাংমাইক ভাৰতীয় সেনাই মঙলবাৰে দিনৰ প্ৰায় দহ বজাত নিজা বাসগৃহৰ পৰা আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা পালচাৰ বাইকখনো জব্দ কৰে ।

উল্লেখ্য যে, যোৱা ১৪ মে' তাৰিখে টিংৰাই বজাৰৰ পুৰণমল আগৰৱাল নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানত দুজন বাইক আৰোহীয়ে নিক্ষেপ কৰিছিল গ্ৰেনেড । য'ত দুজনকৈ যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল ।

ৰাজ্যখনত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে তিনিচুকীয়া জিলাত ঘটা এই ঘটনাই সমগ্ৰ অসমতে এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ঘটনাৰ পিছতে আৰক্ষী প্ৰশাসনৰ নেৰা নেপেৰা প্ৰচেষ্টাত চিচিটিভিৰ পৰা দুই বাইক আৰোহীৰ আলোক চিত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, ১৫ মে’ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনস্থলীত উপস্থিত হৈ বিস্ফোৰণস্থলী পৰ্যবেক্ষণ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে মৃত যুৱক কেইজনৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰিছিল । তাৰপিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছিল ।

লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.