তিনিচুকীয়া, 10 ডিচেম্বৰঃ সমগ্ৰ উত্তৰ পূৱ তথা অসমজুৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ ফলত ব্যাহত হৈ পৰে ৰে’ল যাত্ৰাও ৷
ৰাজ্যৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনে বাতিল কৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছকে ধৰি বহু কেইখন ৰে’লৰ চলাচল ৷
আৰু পঢ়কঃ অসমৰ প্ৰান্তে প্ৰান্তে শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ