তিনিচুকীয়া,৯ জুন: তিনিচুকীয়া আৰক্ষীয়ে তেল চোৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ ২৬ মে’ত লাংকাছি আৰক্ষীয়ে জব্দ কৰা চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰ জব্দ কৰাৰ পাছত তদন্ত আৰম্ভ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক ময়নুল ইছলামৰ নেতৃত্বত অভিযান চলাই সাংবাদিক, বিজেপি কৰ্মীসহ আন দুটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিচুকীয়া আৰু গুৱাহাটীৰ চক্ৰটোৰ সৈতে জড়িতসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে (New twist in oil thief case Tinsukia) ৷
কিন্তু এতিয়া আৰক্ষীয়ে কেঁচু খান্দোতেই ওলাইছে সাপ । বিভিন্ন সংবাদ মাধ্যমত চোৰাং তেল চুৰি চক্ৰৰ সৈতে তিনিচুকীয়াৰ শীৰ্ষ আৰক্ষী বিষয়াৰ গোপন বুজাবুজি বাতৰিৰ প্ৰচাৰ হোৱাৰ পিছতেই তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাক জৰুৰীভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীয়ে তালি-টোপোলা লৈ যাত্ৰা কৰিছে মুখ্য কাৰ্যালয়লৈ(DSP of Tinsukia summoned to Police headquarters) ৷
সমান্তৰালভাৱে নিম্নতম এটা মাহৰ কাৰণে মুখ্য কাৰ্যালয়তে থাকিব পৰাকৈ সাজু হৈ যাবলৈ নিৰ্দেশ দিছে পত্ৰত ৷ উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত খাৰুৱা তেলৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে নাম সাঙুৰ খাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সাংবাদিক অমিত গগৈৰ পৰা তিনিচুকীয়াৰ শীৰ্ষ আৰক্ষী বিষয়াই দুটা কিস্তিত দুই লাখ টকা লোৱা বুলি গুৰুত্বৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷
যদিহে উত্থাপন হোৱা অভিযোগ সত্য হয় তেন্তে পৰৱৰ্তী সময়ত উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ উপৰত আৰক্ষী সঞ্চালক প্ৰধানে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় বিষয় । ইফালে, এই বৃহৎ তেল চুৰি চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত মাষ্টাৰ মাইণ্ড জনৈক সিঙক গ্ৰেপ্তাৰ কৰিব পৰা নাই ।
আৰক্ষীৰ দলে জনৈক সিঙৰ গুৱাহাটীৰ বেহাৰবাৰীস্থিত বাসগৃহতো অভিযান চলাই যদিও সফল হ'ব পৰা নাই । সিঙে বিহাৰলৈ পলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰে তিনিচুকীয়া আৰক্ষীয়ে, সমান্তৰালভাৱে পলাতক তিনিচুকীয়াৰ শইকীয়া উপাধিৰ এজন লোক ৷
লগতে পঢ়ক: Assamese New Movie: ৪ দিনতে ১ কোটি ৪০ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ