ETV Bharat / state

কাকপথাৰত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস

author img

By

Published : May 12, 2019, 10:47 PM IST

তিনিচুকীয়া জিলা এ এন এম আৰু এল এইচ এচ চাৰ্ভিচ সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসুচীৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস ৷

আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস উদযাপন

শদিয়া, 12 মে' : তিনিচুকীয়া জিলা এ এন এম আৰু এল এইচ এচ চাৰ্ভিচ সন্থাৰ উদ্যোগত কাকপথাৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰাষ্ট্ৰীয় নাৰ্চ দিৱস ৷ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে সন্থাৰ উপদেষ্টা দিপালী গগৈয়ে । ইয়াৰ পাচতে ফ্লৰেন্স নাইটিংগলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সন্থাৰ জিলা সভানেত্ৰী চম্পা কোঁৱৰে । লগতে আন্তৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ লগত সংগতি ৰাখি অনাথ আশ্ৰমসমূহত স্বাস্থ্য সেৱা পৰীক্ষাৰ লগতে বিভিন্ন কাৰ্যসূচী পালন কৰা হয় ৷

Intro:কাকপথাৰত দিনযোৰা কাৰ্যসুচীৰে পৰিচাৰিকা দিৱস উদযাপন

কাকপথাৰ : সমগ্ৰ বিশ্বজুৰি অাজিৰ দিনটো অান্তৰাষ্ট্ৰীয় "ধাত্ৰী দিৱস"ৰ উপলক্ষ্যে কাকপথাৰতো তিনিচুকীয়া জিলা এ এন এম আৰু এল এইচ এচ চাৰ্ভিচ সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত পালন কৰা পৰিচাৰিকা দিৱসৰ কাৰ্যসুচীমতে বন্তি প্ৰজ্বলন কৰে সন্থাৰ উপদেষ্টা দিপালী গগৈয়ে । ইয়াৰ পিছতে ফ্লৰেন্স নাইটিংগলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সন্থাৰ জিলা সভানেত্ৰী চম্পা কোঁৱৰে । এই কাৰ্যসুচীৰে পিছতে এ:এন:এম: নাৰ্চ সন্থাৰ তিনিচুকীয়া জিলা সভানেত্ৰী চম্পা কোঁৱৰৰ পৌৰহিত্যত এখন সভা অনুস্থিত হয়।সভাত সন্থাৰ জিলা সম্পাদিকা ৰুবী চলিহা দত্ত ,কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰকল্প সঞ্চালক ধ্ৰুৱজ্যোতি শইকীয়া, তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক দেবকান্ত বৰুৱা,নাৰ্চ সন্থাৰ তিনিচুকীয়া জিলাৰ উপদেষ্টা অঞ্জলী চাংমাই,সাংগঠনিক সম্পাদিকা চিনু দাস,কাকপথাৰ প্ৰেছ ক্লাৱৰ উপ সভাপতি বিজয় দত্ত,সম্পাদক দ্বীপেন লহকৰকে অাদি কৰি স্থানীয় সাংবাদিক অাৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক নাৰ্চ উপস্থিত থাকে । উপস্থিত বিশিষ্ট ব্যক্তি সকলে পৰিচাৰিকা দিৱসৰ প্ৰয়োজনীয়তা তথা সামাজিক দায়বদ্ধতা সম্পৰ্কত বিস্তৃত ব্যাখ্যা অাগবঢ়ায় । ইয়াৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকলে গীত, কবিতা, বিয়ানাম অাদি পৰিবেশনেৰে দিনটোৰ কাৰ্যসুচী অন্ত পৰে ৷Body:Byte : Nurses StuffConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.