তিনিচুকীয়া, ১২ অক্টোবৰ: বুধবাৰে নিশা বিহাৰৰ বক্সাৰত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ দুগৰাকী অসমৰ তিনিচুকীয়া জিলাৰ । তেওঁলোক শদিয়া উদয় নগৰৰ কন্যা ঊষা ভাণ্ডাৰী (৩৩) আৰু তেওঁৰ কন্যা আকৃতি ভাণ্ডাৰী (৮) । আনহাতে পৰিয়ালটোৰ বাকী দুগৰাকী সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন ঊষা ভাণ্ডাৰীৰ স্বামী দীপক ভাণ্ডাৰী আৰু আন এগৰাকী যমজ কন্যা আদিতী ভাণ্ডাৰী (৮) ৷

ঊষাৰ শদিয়াস্থিত বাসগৃহত আজি পুৱা এই বাতৰি আহি পোৱাৰ পাচত সমগ্ৰ ঘৰখনত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক ৷ ঊষা ভাণ্ডাৰীৰ পৰিয়ালে সদৰী কৰা অনুসৰি, আজি পুৱা ৬ বজাত তেওঁলোকে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰে ৷ নিশা প্ৰায় ২১.৩৫ বজাত সংঘটিত হৈছিল ৰে’ল দুৰ্ঘটনাটো আৰু ৰে’লত উঠাৰ পূৰ্বে তেওঁলোকে ফোনত কথা পাতিছিল ঊষা ভাণ্ডাৰীৰ স্বামী দীপক ভাণ্ডাৰীৰ সৈতে ৷

ঊষা ভাণ্ডাৰী ন বছৰৰ পূৰ্বে শদিয়াৰ পৰা নেপাললৈ বিয়া হৈছিল যদিও তেওঁলোকে কৰ্মসূত্ৰে দিল্লীত থাকে ৷ বুধবাৰে দিল্লীৰ পৰা নেপাললৈ ৰে’লৰ জৰিয়তে যাত্ৰা কৰাৰ সময়তে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । আগন্তুক দুৰ্গা পূজাত নেপালৰ পৰা শদিয়াৰ মাতৃৰ ঘৰলৈ অহাৰ কথা আছিল পৰিয়ালটো ৷
দীৰ্ঘদিনৰ পাচত জীয়াৰী ঘৰলৈ আগমণক লৈ সমগ্ৰ ঘৰখনত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছিল ৷ কিন্তু এতিয়া যে আৰু কোনোদিনেই ঘৰলৈ উভতি নাহে ঊষা আৰু আকৃতি ৷ এই সত্য যেন মানি ল’ব পৰা নাই ঊষাৰ পৰিয়ালৰ লোকে ৷ সকলোৱে এতিয়াও আশাৰে চাইছে পদূলিমুখলৈ ৷
লগতে পঢ়ক: Bihar Train Accident: অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত, নিহত-৪, আহত অৰ্ধ শতাধিক