তিনিচুকীয়া, 17 অক্টোবৰ : অসমত অৰুণাচলী সুৰাৰ ব্যৱসায় চলি থকাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ হৈ থকাৰ মাজতেই তিনিচুকীয়া জিলাৰ কাকপথাৰত মৰাণ ছাত্ৰ সন্থাই এখন ট্ৰাক জব্দ কৰি আৰক্ষী তথা আবকাৰী বিভাগক চমজাই দিয়ে ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ কৰ্মকতাই AS 01 KC 1847 নম্বৰৰ ট্ৰাক খন নিশা ডিৰাক চাৰিআলিত ৰখাই চোৰাং গাড়ীৰ সন্দেহত আৰক্ষীক চমজাই দিয়ে ৷
ইতিমধ্যে, ঘটনাস্থলীত আবকাৰী বিভাগ উপস্থিত হৈ গাড়ীখন অৰুণাচল প্ৰদেশৰ সুৰা বুলি খাটাং কৰিছে যদিও চোৰাং গাড়ী হয় নে নহয় তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাত বিশেষকৈ কাকপথাৰ, ডিৰাকত অৰুণাচলী সুৰাৰ এখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে যদিও আবকাৰী বিভাগে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইয়া নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, অৰুণাচলী সুৰাৰ বৃহৎ বজাৰ হৈ উঠাৰ পিচতো টকাৰ বিনিময়ত আবকাৰী বিভাগে এইদৰে দেখিও নেদেখাৰ ভাওঁ জুৰি অহা বুলি ৰাইজৰ মুখে মুখে চৰ্চা অব্যাহত আছে ৷
লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ