ETV Bharat / state

ডুমডুমাত মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনৰ প্ৰতিবাদ - খিলঞ্জীয়া লোকক পুনৰ সংস্থাপন

মৰাণ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৬ টাকৈ সংগঠনে ডুমডুমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল । কিহৰ বাবে সংগঠনকেইটাই প্ৰতিবাদ সাব্যস্ত কৰে ?

Dumduma
ডুমডুমাত মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Sep 28, 2021, 6:37 PM IST

শদিয়া,২৮ ছেপ্টেম্বৰ : বানপানী (flood) আৰু গৰাখহনীয়াই (Erosion) তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিৰ বিস্তৃত অঞ্চলত জনসাধাৰণৰ জীৱন ধাৰণ বিপন্ন কৰি পেলাইছে । ১৯৯২ চনত এই অঞ্চলত অহা প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে তেতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ অনন্ত-নলাৰ প্ৰৱল সোঁতত প্ৰতি বছৰে অঞ্চলটোত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈ আছে । গৰাখহনীয়াৰ ফলত বৰ্তমানলৈকে অঞ্চলটোৰ ২০ খনতকৈও অধিক গাঁও নিচিহ্ন হৈ গৈছে ।

ডুমডুমাত মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনৰ প্ৰতিবাদ

বৰ্তমান কৰ্দৈগুৰিৰ বিষ্ণুপুৰ, তামুলি, গৰীয়াটিং আদি গাঁৱত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈ শতাধিক পৰিয়ালৰ ঘৰ-ভেটি নাইকীয়া কৰি পেলাইছে । প্ৰতি বছৰে দেখা দিয়া এই গুৰুত্বৰ সমস্যাৰ প্ৰতি কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈ কোনো ধৰণৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংগঠন কেইটাই কৰ্দৈগুৰি অঞ্চলৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, বান-গৰাখহনীয়াত মাটি-ভেটি হেৰুওৱা খিলঞ্জীয়া লোকক পুনৰ সংস্থাপন, ভূমি পট্টা প্ৰদানৰ দাবী তোলে । ইফালে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰাখনীয়া ৰোধৰ বাবে বাঘজানত ঘোষণা কৰা ২৭ কোটি টকা মুকলি কৰি দিবলৈও চৰকাৰক দাবী জনাই সংগঠনকোইটাই ।

সমান্তৰালকৈ বাঘজানত গৰাখহনীয়া ৰোধৰ বাবে আধাৰশিলা স্থাপন কৰা ৪ কোটি টকীয়া পৰিকল্পনাৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰো দাবী জনাই সংগঠনকেইটাই । এই সমূহ দাবীৰে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠনকেইটাই লগতে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক:দৈয়াং আঞ্চলিক ছাত্র সন্থাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.