ETV Bharat / state

Small Tea growers in Assam : কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক; খঙত অগ্নিশৰ্মা হৈ আন্দোলনৰ হুংকাৰ বিধায়ক সুৰেণ ফুকনৰ - ডিগবৈ সমষ্টি

কেঁচা চাহপাতৰ দৰ হ্ৰাসক লৈ ক্ষোভিত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷ বহিৰাগত বনিয়া চক্ৰই একচেটিয়াভাৱে কেঁচা চাহ পাতৰ দৰ নিৰ্ধাৰণ কৰি ৰাজ্যৰ লাখ লাখ থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কক লুষ্ঠন চলাই অহা বুলি বিস্ফোৰক অভিযোগ ৷

Prices fall down of Row tea leaf
কেঁচা চাহপাতৰ দৰ হ্ৰাস
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:49 PM IST

আন্দোলনৰ হুংকাৰ বিধায়ক সুৰেণ ফুকনৰ

তিনিচুকীয়া, 28 ছেপ্তেম্বৰ : দেশত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ অত্যাধিক হাৰত বৃদ্ধি হোৱাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাতৰ দৰ হোৰাহোৰে নিম্নগামী হৈছে ৷ পানীৰ দৰত বিক্ৰী হৈছে কেঁচা চাহপাত ৷ যাৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

কেঁচা চাহপাতৰ দৰ হ্ৰাসক লৈ ক্ষোভিত হৈ পৰিছে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷ বৃহস্পতিবাৰে ডিগবৈ সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ এক সভাত উপস্থিত থাকি বিধায়ক সুৰেণ ফুকনে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহ পাতৰ উচিত দৰ নোপোৱাক লৈ খঙত অগ্নিশৰ্মা হৈ পৰে ৷ বহিৰাগত বনিয়া পক্ষই নিজ খেয়াল খুচি মতে কেঁচা চাহ পাতৰ দৰ অভাৱনীয়ভাবে হ্ৰাস কৰি অহাৰ বিষয়ক লৈ ক্ষোভিত হৈ পৰে বিধায়কগৰাকী ৷

বহিৰাগত বনিয়া চক্ৰই একচেটিয়াভাৱে কেঁচা চাহ পাতৰ দৰ নিৰ্ধাৰণ কৰি ৰাজ্যৰ লাখ লাখ থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কক লুষ্ঠন চলাই অহা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি বহিৰাগত পুঁজিপতি বনিয়াৰ বিৰুদ্ধে আন্দোলনত নামিবলৈ ৰাজ্যৰ দল-সংগঠন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলক আহবান জনায় ৷ বহিৰাগত বনিয়া চক্ৰৰ বিৰুদ্ধে বিধায়ক সুৰেণ ফুকনে নিজেই কলঘৰৰ আগত বহি ফেক্টৰী বন্ধ কৰিবলৈ আন্দোলনত নমাৰো হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন এগৰাকী বিধায়ক হোৱাৰ ওপৰিও নিজে এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক হিচাবে পৰিচিত সমষ্টিটোত ৷ বিধায়ক হোৱাৰ পূৰ্বে এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক হিচাবে জীৱন নিৰ্বাহ কৰাৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত আছিল ফুকনে ৷ বটলিফ্‌ ফেক্টৰীৰ মালিকক উচিত দাম দিবলৈ বাধ্য কৰাব লাগিব বুলি মন্তব্য কৰাৰ লগতে কেঁচা চাহপাতৰ ইমান কম মূল্য হোৱাৰ কোনো যুক্তি নাই বুলি সদৰী কৰে তেওঁ ৷ গতিকে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই দীৰ্ঘদিনৰ পৰা উচিত মূল্য প্ৰদানৰ দাবীৰে প্ৰতিবাদ কৰি থকাৰ মাজতে বিধায়ক সুৰেণ ফুকনে পুঁজিপতি চাহ বণিয়া পক্ষৰ বিৰুদ্ধে এতিয়া আন্দোলনৰ হুংকাৰ দিছে ৷

লগতে পঢ়ক : CM visits convocation:অসম আৰক্ষীক খালী পদ নথকা বিভাগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য:মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.