ETV Bharat / state

Illegal coal syndicates :বিধায়ক সুৰেণ ফুকন-ভাস্কৰ শৰ্মাৰ কয়লাভৰ্তি ট্ৰাকক লৈ সংঘাত !

দেওবাৰে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিয়ালে ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত এটা দ’লে ৷ মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই পাৰ কৰিলে শ-শ কয়লাভৰ্তি ট্ৰাক । একেখন কাঁহীত ভাত খোৱা দুই বন্ধুৰ মাজত আহি পৰিছে নেকি নিমিলা অংক ?

Illegal coal syndicate in Lidu
ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 3:08 PM IST

ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক

তিনিচুকীয়া, ৮ নৱেম্বৰ: ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা,লিডুৰ অবৈধ কয়লা ছিণ্ডিকেটৰ বিষয়টো । দক্ষিণ ভাৰতৰ চিনেমাৰ কায়দাৰে ৰাজপথত বিধায়কৰ নেতৃত্বত এটা দলে অবৈধ কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিওৱাৰ পিচতেই বিষয়টোক লৈ আৰম্ভ হৈছে চৰ্চা । একেখন কাঁহীত ভাত খোৱা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ বন্ধুত্বৰ মাজত সংঘাত আৰম্ভ হৈছে নেকি বুলি চৰ্চা চলিছে ৰাইজৰ মাজত ৷ দুই বন্ধুৰ মাজত অবৈধ কয়লাৰ চিণ্ডিকেটৰ নিমিলা অংকৰ বাবে আহি পৰিছে নেকি ফাঁট ?

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু ডিগবৈৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা দেখা দিয়া একাংশ দৃশ্যই প্ৰকৃততে এইখন চৰকাৰৰ দিনত কি চলিছে বুলি ভাবিবলৈ বাধ্য হৈছে সাধাৰণ জনতাই ৷ ঘটনা অনুসৰি দেওবাৰে নিশা ডিগবৈ সমীপৰ আনন্দবাগৰ পৰা ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত এদল যুৱকে মাৰ্ঘেৰিটা, লিডুৰ দিশৰ পৰা অহা অবৈধ কয়লাভৰ্তি ট্ৰাক পুনৰ লিডুলৈ ঘুৰাই পঠিয়াই ৷ উল্লেখযোগ্য যে বিগত বৰ্ষতো ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে নিমিলা অংকৰ বাবেই ৰাজপথত কয়লাভৰ্তি ট্ৰাক আৱদ্ধ কৰি সামাজিক মাধ্যমত লাইভ দিছিল আৰু পৰৱৰ্তী সময়ত পুনৰ একেগতিৰেই কয়লাৰ সৰবৰাহ চলি থাকে ৷

কিন্তু চৰ্চিত যে এইবৰ্ষত ডিগবৈৰ বিধায়কগৰাকীৰ স’তে মাৰ্ঘেৰিটাৰ বিধায়কৰ নেতৃত্বত চলা ছিণ্ডিকেটৰ নিমিলা অংকৰ বাবেই দেওবাৰে নিশা নিজেই ৰাজপথত নামে ফুকন এণ্ড কোম্পানীয়ে ৷ ফলত বহু ট্ৰাক ঘূৰি যোৱাৰ লগতে একাংশ কয়লাভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰে ৰাজপথতেই ৷ পৰৱৰ্তী সময়ত সোমবাৰে নিশা আৱদ্ধ হৈ থকা একাংশ কয়লাভৰ্তি ট্ৰাক দুলীয়াজান আৰু তিনিচুকীয়া হৈ পাৰ হৈ যায় আৰু বাকী আৱদ্ধ হৈ থকা শ-শ কয়লাভৰ্তি ট্ৰাক মঙলবাৰে নিশা ডিগবৈৰ আনন্দবাগত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই শতাধিক বিলাসী বাহনৰ আৱেষ্টনীৰে বৃহৎ দলৰ স’তে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত পাৰ কৰোৱা দেখা গ'ল ।

চৰকাৰী দেহৰক্ষী লগত লৈ বিধায়ক ভাস্কৰ শৰ্মাই এচাম কয়লা মাফিয়াক এই ট্ৰাকসমূহ নিশা সংগোপনে পাৰ কৰাত সহযোগ কৰি আহিছে । হাতত মাৰণাস্ত্ৰ লৈ বিধায়ক ভাস্কৰ শৰ্মাৰ চৰকাৰী দেহৰক্ষী আৰু যুৱকৰ দলটোৱে ইখনৰ পিছত সিখনকৈ কয়লা ভৰ্তি ট্ৰাক পাৰ কৰি আনন্দবাগৰ পৰা ডিগবৈ অভিমূখে গতি কৰে । বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এনেদৰে প্ৰতি নিশাই ৰাজহ ফাঁকিৰে চলিছে হাজাৰ হাজাৰ টন কয়লাৰ ক'লা বেহা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অসমৰ ক'লা হীৰা কয়লাৰ ক'লা বজাৰ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশকো ভ্ৰূক্ষেপ নকৰি বিধায়ক শৰ্মাই চলাই গৈছে কয়লা সাম্ৰাজ্যৰ স্বৈৰতান্ত্ৰিক বজাৰ ।

লগতে পঢ়ক:Miscreants burn an ancient temple: দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ৰাতাবাৰীৰ ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.