তিনিচুকীয়া, 30 ডিচেম্বৰ: প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত বিলীন হ’বলৈ বাৰু কাৰ মন নাযায় ! শীত আগমনৰ লগে লগেই প্ৰকৃতিয়ে সলাইছে ৰূপ ৷ প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটনস্থলী সমূহে হাতবাউলি মাতিছে সকলোকে ৷ ৰাজ্যৰো পৰ্যটনস্থলী সমূহত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে ৷
উত্তৰ-পূবৰ অলেখ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ আছে বহু অলিখিত কাহিনী(Natural beauty of north east) ৷ এই উত্তৰ-পূবৰে অংগৰাজ্য সূৰ্য উঠা দেশ হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰো আছে সুকীয়া সৌন্দৰ্য (Beauty of Arunachal pradesh) ৷ অৰুণাচলৰ বিভিন্ন ঠাইৰ মনোমোহা সৌন্দৰ্যৰ অন্যতম অংশীদাৰী বৰফাবৃত মায়'ডিয়া (Arunachal Mayodia Pass) ৷ সূৰ্য উঠা দেশৰ মায়’ডিয়াত এতিয়া বৰফৰ শুভ্ৰ আচ্ছাদন ৷ যেন পাৰি থোৱা হৈছে এখন বগা দলিচা ৷ মায়’ডিয়া এতিয়া আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ বাবে ৷
যেনিয়েই চকু ফুৰাই তেনিয়েই মাথোঁ বৰফৰ শুভ্ৰমালা ৷ বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ৰাখিছে সকলো বাট পথ ৷ বিপদসংকুল পথ অতিক্ৰম কৰি হলেও মায়’ডিয়ালৈ সোঁত বৈছে অগণন পৰ্যটকৰ ৷
তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু সাগৰপৃষ্ঠৰ পৰা 7811 ফুট উচ্চতাৰ উত্তৰ-পূৱৰ অন্য এক মিনি ছুইজাৰলেণ্ডখ্যাত অৰুণাচল প্ৰদেশৰ নামনি ডিবাংভেলি জিলাৰ এই মায়'ডিয়া পাছ(Arunachal Mayodia Pass) ৷ শীতৰ আগমনৰ লগে লগে মায়’ডিয়াই পিন্ধিছে বৰফৰ শুভ্ৰ সাজ ৷ চাৰিওফালে কেৱল বৰফৰ শুভ্ৰতাৰ আচ্ছাদন, যেন ভূ-স্বৰ্গলৈ পৰিণত হৈছে অৰুণাচলৰ মায়'ডিয়া ।
বিগত বৰ্ষসমূহত জানুৱাৰী মাহৰ শেষৰফালৰ পৰা কম সময়ৰ কাৰণে বৰফ পৰা পৰিলক্ষিত হয় যদিও এইবাৰ তিনিচুকীয়া জিলাত পবিত্ৰ বৰদিন অৰ্থাৎ 25 ডিচেম্বৰৰ পৰা বৰষুণ দিয়াৰ লগে লগে মায়’ডিয়াত হয় তুষাৰপাত (Snowfall in Miyodia) ৷ এই সময়খিনিত মায়’ডিয়াত ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্যটকে নৈসৰ্গিক সৌন্দৰ্যত মতলীয়া হ'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে, এইবাৰ পূৰ্বতকৈ কিছু দীঘলীয়া সময়ৰ কাৰণে মায়’ডিয়াৰ আনন্দ ল’ব পাৰিব পৰ্যটকসকলে ।
উল্লেখ্য যে, সম্প্ৰতি মায়’ডিয়ালৈ বন্ধ কৰি ৰখা হৈছে পৰ্যটকৰ প্ৰৱেশ ৷ বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে অতিমাত্ৰা বৰফ পৰিছে মায়’ডিয়াৰ পথসমূহত ৷ যাৰ ফলত ব্যাপক হাৰত অৱনতি ঘটিছে পথসমূহৰ ৷ সাম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই লৱাৰ ডিবাংভেলি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সতৰ্কতামূলক ব্যৱস্থা ৷ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে মায়’ডিয়াৰ পৰ্যটনস্থলী ৷
লগতে পঢ়ক: Dehing Patkai National Park : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ গুলীয়াগুলী