ETV Bharat / state

Migrated Bird Killed : তিনিচুকীয়াৰ মাগুৰি বিলত পৰিভ্ৰমী পক্ষীৰ হত্যাযজ্ঞ

author img

By

Published : Dec 12, 2022, 9:46 PM IST

তিনিচুকীয়াৰ মাগুৰি বিললৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ নিধন কাৰ্য অব্যাহত (Migrated birds killed at Maguri Bill in Tinsukia) ৷ বিলৰ পক্ষীসমূহ বিহ দি চিকাৰ কৰি নিজে ভক্ষণ কৰাৰ লগতে বিক্ৰীও কৰি আহিছে ৷ এই সন্দৰ্ভত সৰৱ চৰ্চা হোৱাৰ পাচতো স্থানীয় পৰিৱেশ কৰ্মী, বন বিভাগ, আৰক্ষী, জিলা প্ৰশাসনে এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই ৷

Migrated Bird Killed
তিনিচুকীয়াৰ মাগুৰি বিলত পৰিভ্ৰমী পক্ষীৰ হত্যাযজ্ঞ

তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰি, বাঘজান আৰু নতুন ৰংগাগড়া অঞ্চলক সাঙুৰি থকা মাগুৰি বিললৈ প্ৰতি বছৰে খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে আগমন ঘটে শতাধিক প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ (Migrated birds arrived at Maguri Bill in Tinsukia) । উক্ত পক্ষীকুলক কেন্দ্ৰ কৰিয়ে অঞ্চলটো পৰ্যটনৰ এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি উঠিছে (Tourist place at Maguri Bill in Tinsukia) ৷

২০০৫ বৰ্ষত ভাৰত চৰকাৰে মাগুৰি বিলক Indian Birds Area হিচাপে ঘোষণা কৰাৰ লগতে দুটা বৰ্ষৰ পূৰ্বে সুন্দৰী পক্ষীখ্যাত মেণ্ডাৰিণ ডাকৰো আগমন ঘটিছিল বিলখনলৈ ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে, বিলখনৰ কাষতে অৱস্থিত বাঘজানৰ বি জি আৰ-৫ তৈলখাদত সংঘটিত (Baghjan oil field explosion) অগ্নিকাণ্ড আৰু তাৰ পাচতে পুনৰ বিলৰ কাষতে আন দুটা অইল ইণ্ডিয়াৰ তৈল খাদ স্থাপন কৰাৰ পাচত যেন কিছু হ্ৰাস পাইছে আলহী পক্ষীৰ সংখ্যা ৷

তাৰ উপৰি বিলখনলৈ আগমন ঘটা আলহী পক্ষীৰ ওপৰত শেন চকু পৰিয়েই আছে একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ ৷

একাংশ স্থানীয় দুষ্ট প্ৰকৃতিৰ লোকে বিলৰে সৰু সৰু মাছ ধৰি মাছত বিহ সানি পক্ষী চিকাৰৰ কাৰণে বিলখনৰ মেটেকাৰ ওপৰত চিটিকা পাটে (Migrated birds killed at Maguri Bill in Tinsukia) ৷ প্ৰাপ্ত তথ্য অনুসৰি, এনেদৰে বিলৰ পক্ষীসমূহ বিহ দি চিকাৰ কৰি নিজে ভক্ষণ কৰাৰ লগতে বিক্ৰীও কৰি আহিছে ৷ এই সন্দৰ্ভত সৰৱ চৰ্চা হোৱাৰ পাচতো স্থানীয় পৰিৱেশ কৰ্মী, বন বিভাগ, আৰক্ষী, জিলা প্ৰশাসনে এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই ৷

কিছু বছৰৰ পূৰ্বে এনেদৰে পক্ষী চিকাৰ কৰি ভক্ষণ কৰাসকলৰ বিৰুদ্ধে বন বিভাগ, আৰক্ষীয়ে অভিযান চলোৱাৰ লগতে সজাগতা সৃষ্টি কৰাৰ পাচত কিছু পক্ষী চিকাৰ কাৰ্য হ্ৰাস পাইছিল যদিও এতিয়া পুনৰ এনেদৰে বিহ দি বিললৈ আগমন ঘটা পক্ষী চিকাৰ কৰাৰ ঘটনাই চিন্তিত কৰিছে সচেতন মহলক ৷ গতিকে এইক্ষেত্ৰত পৰিৱেশ কৰ্মী, বন বিভাগ, আৰক্ষী কিম্বা জিলা প্ৰশাসনে হস্তক্ষেপ কৰি পক্ষীবিল হিচাপে খ্যাত মাগুৰি বিলক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়ক :Teachers Protest : মৰ্যাদা প্ৰদানৰ দাবীত শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.