ETV Bharat / state

মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ

কাকপথাৰৰ ৰাজপথত কৰুণ দৃশ্য ৷ মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ ৷ কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ-প্ৰশাসন তথা দল সংগঠনৰ সহায়ৰ প্ৰয়োজন ৷

author img

By

Published : Sep 10, 2019, 6:40 PM IST

মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ

তিনিচুকীয়া, 10 চেপ্তেম্বৰঃ কাকপথাৰৰ ৰাজপথত কৰুণ দৃশ্য ৷ মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ ৷ কাকপথাৰৰ লক্ষী নামৰ চাহ জনজাতীয় এগৰাকী কিশোৰী প্ৰায় এবছৰৰ পূৰ্ৱে মানসিক ৰোগত আক্ৰান্ত হৈ বৰ্তমান সম্পূৰ্ণ ৰূপে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাত নিৰুপায় হৈ পৰিছে কিশোৰী গৰাকীৰ পিতৃ ৷ অতি দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে পিতৃয়ে বহু টকা পইচা খৰচ কৰিছিল যদিও সুস্থ হৈ নুঠিল কিশোৰী গৰাকী ৷ এতিয়া নিশা দুপৰলৈকে কাকপথাৰ চহৰৰ আশে পাশে মানসিকভাৱে বিকাৰগ্ৰস্ত লক্ষীৰ পিছে পিছে পিতৃ ঘুৰি ফুৰিব লগীয়া হোৱা দৃশ্যই সকলো হৃদয়বান লোককে চিন্তিত কৰি তুলিছে ৷ কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ-প্ৰশাসন তথা দল সংগঠনৰ সহায়ৰ প্ৰয়োজন ৷

Intro:এগৰাকী মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধ পিতৃৰ, চৰকাৰ, দল-সংগঠন, হৃদয়বান লোকৰ লাগে সহায়

শদিয়া : ছোৱালীজনীৰ নাম লক্ষী ৷ বয়স দহ নতুবা এঘাৰ বছৰ ৷ মাতৃহীনা ছোৱালীজনীক পিতৃয়ে অশেষ কষ্টৰে ডাঙৰ দীঘল কৰিছিল ৷ পিতৃৰ নাম বুধু ৷ সাত বছৰৰ আগতেই মাতৃক হেৰুৱাই পিতৃকে জীৱনৰ সকলো সাৰথি বুলি ভাবি ধুলি-বালি খেলি বেলেগ শিশুৰ দৰে শিক্ষাৰ আদিপাঠ লৈছিল বৰ্তমান মানসিক বিকাৰগ্ৰস্ত লক্ষীয়ে ৷ প্ৰায় এবছৰৰ আগতেই মানসিক ৰুগত আক্ৰান্ত হৈ পৰে ফুলকুমলীয়া ছোৱালীজনী ৷ ঘৰত পৰিয়াল বুলিবলৈ থকা পিতৃয়ে দীন হাজিৰা কৰি, বেলেগৰ পৰা টকা ধাৰ লৈ লক্ষীক চিকিৎসা ব্যৱস্থা কৰিছিল যদিও তাই সৰ্ম্পুণ সুষ্ট হৈ নুঠিল ৷ ঘৰুৱাভাবে বিভিন্ন বেজ-বেজালিৰো সহায় লৈছিল পিতৃয়ে ৷ কিন্টু সুষ্ট কৰি তুলিব নোৱাৰীলে লক্ষীক ৷ তাই হাঁহে, তাই কান্দে, গান গাই, চিঞঁৰে ৷ নাজানে তাই কি ভাল, কি বেয়া ৷ কোন ভাল, কোন বেয়া ৷ কাৰণ তাই মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতী ৷ লাহেকৈ ভৰ যৌৱনত ভৰি দিয়া ছোৱালীজনীক লৈ চিন্তা পিতৃৰ ৷ সেইয়েহে দীন হাজিৰা কাম এৰি পিতৃ বুধু এতিয়া কন্যা লক্ষিৰ পিছে পিছে ৷ খোৱা বোৱাৰ ক্ষেত্ৰতো নাই কোনো ধৰণৰ সু-ব্যৱস্থা ৷ কেতিয়াবা হৃদয়বান কোনো লোকে চাহ, ভাত, পানী, বিস্কুট দি পিতৃ-কন্যা হালক পেটৰ ভোক আতৰোৱাত সহায় কৰিছে যদিও বেছি ভাগ দিন-ৰাতি লঘুনে ভুকে উজাগৰি কটাবলগীয়া হয় ৷ নিশা দহ,এঘাৰ বজাৰ লৈকে কাকপথাৰ চহৰৰ আশে পাশে ঘুৰি ফোৰা মানসিক বিকাৰগ্ৰস্ত লক্ষীৰ পিছে পিছে মানসিকভাবে সম্পুৰ্ণ সুস্থ পিতৃয়ে গৈ থকা কৰুণ দৃশ্য কোনা হৃদয়বান লোকে চকুৰে দেখিলে সহ্য কৰিব নোৱাৰে ৷ সেইয়া হয়তো কাৰুবাৰ বাবে কল্পনাৰো বাহিৰত ৷ কিন্টু কাকপথাৰৰ চহৰৰ লোকৰ বাবে সেইয়া যেন এক সাধাৰণ ঘটনালৈ ৰূপান্তৰ হৈছে ৷ ঘৰৰ বিষয়ে পিতৃৰ পৰা জানিব বিচৰাত কাকপথাৰ কুমচাং লাইনত তেওঁলোকৰ এটা নিজৰ ঘৰ আছে যদিও সেইয়াও বৰ্তমান ভাঙি-ছিঙি নোহোৱা হৈ পৰিছে বুলি জানিবলৈ দিয়ে মানসিক বিকাৰগ্ৰস্ত লক্ষীৰ পিতৃয়ে ৷ জন্মগত ভাবে চাহ জনগোষ্ঠীৰ মানসিক বিকাৰগ্ৰস্ত কন্যাগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিবনে কোনো দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান ? খবৰ কৰিবনে ১২৫নং ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক দুৰ্গা ভুমিজে ? চকুত পৰিবনে ৰাজ্যৰ দুখিয়া, পিচপৰা জনসাধাৰণৰ চৰকাৰ বুলি সভাই সমিতিয়ে বক্তব্য আগবঢ়াই অহা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ তথা বিয়াগোম বিভাগ সমুহৰ ? বৰ্তমান মানসিক ভাবে বিকাৰগ্ৰস্ত কন্যা গৰাকীৰ লগত ৰাতিয়ে-দিনে, ৰদে-বৰষুণে ঘুৰি ফোৰা পিতৃগৰাকী অৱশেষত মানসিকভাবে অসুস্থ হৈ নপৰিব নে ? সময় থাকোতেই কন্যা গৰাকীক উন্নত চিকিৎসা কৰি সুস্থ কৰি তোলাৰ লগতে বৰ্তমান সুস্থ পিতৃগৰাকীক সংস্থাপনৰ এটি পথ দিবলৈ আহ্বান জনাইছে কাকপথাৰৰ একাংশ হৃদয়বান লোক তথা সচেতন মহলে ৷Body:Byte : 1/ Father
2/ PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.