ETV Bharat / state

Me Dam Me Phi 2023: তিনিচুকীয়াত 29 আৰু 31জানুৱাৰীত কেন্দ্ৰীয় মে-ডাম-মে-ফি - অভিজিত গগৈ সোঁৱৰণি বঁটা

তিনিচুকীয়াত 29 আৰু 31 জানুৱাৰীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব মে-ডাম-মে-ফি ৷ মে-ডাম-মে-ফি অনুষ্ঠানৰ লগত সংগতি ৰাখিয়েই প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব তাই জনগোষ্ঠীৰ শ্ৰদ্ধাৰ ব্যক্তি অজিত গগৈ সোঁৱৰণি বঁটা ৷ 31জানুৱাৰীৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী ৷

Me Dam Me Phi 2023
তিনিচুকীয়াত 29 আৰু 31জানুৱাৰীত কেন্দ্ৰীয় মে-ডাম-মে-ফি
author img

By

Published : Jan 13, 2023, 7:44 PM IST

Updated : Jan 13, 2023, 9:39 PM IST

তিনিচুকীয়াত 29 আৰু 31জানুৱাৰীত কেন্দ্ৰীয় মে-ডাম-মে-ফি

তিনিচুকীয়া, ১৩ জানুৱাৰী: বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো তিনিচুকীয়াত ২৯ আৰু ৩১ জানুৱাৰীত আয়োজন কৰিবলৈ লোৱা হৈছে মে-ডাম-মে-ফি(Me Dam Me Phi in Tinsukia) ৷ এই সন্দৰ্ভত তিনিচুকীয়াত শুকুৰবাৰে মে-ডাম-মে-ফি উদযাপন সমিতিয়ে আয়োজন কৰে এখন সংবাদমেল ৷ উল্লেখ্য যে, তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰত আয়োজন কৰা হ’ব মে-ডাম-মে-ফি অনুষ্ঠান(Me Dam Me Phi 2023) ৷

তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, তাই সংস্কৃতি চৰ্চা কেন্দ্ৰ, আহোম সেনাৰ লগতে তাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ যৌথ প্ৰচেষ্টাত তিনিচুকীয়াত আয়োজন কৰা হ’ব ৪০ তম কেন্দ্ৰীয় মে ডাম মে ফি ৷ মে-ডাম-ম-ফিৰ কাৰ্যসূচী হিচাপে ২৯ জানুৱাৰীত তাই আহোমৰ পৰম্পৰাগতভাৱে শ্ৰদ্ধাৰ ব্যক্তি প্ৰয়াত অজিত গগৈৰ সোঁৱৰণত এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৷

স্মৰ্তব্য যে, তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ(Tinsukia Tai Cultural Center) প্ৰতিষ্ঠাপক, তাই আহোম ছাত্ৰ সন্থাক(All Tai Ahom Students Union) প্ৰতিটো মূহুৰ্তত দিহা-পৰামৰ্শ দিয়া, পয় ফুৰালুং সংঘৰ জ্যেষ্ঠ বিষয়া, তাই সংস্কৃতিৰ সাধক, অসমৰ বিভিন্ন ঠাইত চকলং বিবাহ সমাপন কৰাৰ লগতে তাই আহোম ছাত্ৰ সন্থাই নতুন দিল্লীত অনুষ্ঠিত কৰা ‘মহাবীৰ লাচিত দিৱস’ত তাই আহোমৰ মাংগলিক ফুৰালুং পূজা সমাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল অজিত গগৈয়ে ৷

ইফালে, 29 জানুৱাৰীত মে-ডাম-মে-ফিৰ লগত সংগতি ৰাখি এখন স্মৰণিকা উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ড৹ দীনেশ বৈশ্যই ৷ সমল ব্যক্তি হিচাপে বিশিষ্ট কণ্ঠশিল্পী ড৹ ৰাণু বৈশ্য, অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ সভাপতি ডাঃ গিৰিশ সন্দিকৈ, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ চৈতন্য বৰা, তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পৱাৰৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকিব ৷

আনহাতে, ৩১ জানুৱাৰীত পুৱা পতাকা উত্তোলন কৰিব ৪০তম কেন্দ্ৰীয় মে-ডাম-ম-ফি উদযাপন সমিতিৰ সভাপতি পুলক কুমাৰ গগৈয়ে ৷ ইয়াৰ পিচতেই ক্ৰমান্বয়ে মৈদাম তৰ্পন, ফুৰালুং পূজা, চাওলুং ছ্যুকাংফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কায্যসূচী অনুষ্ঠিত হ’ব ৷ ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব বুলিও সংবাদমেলত সদৰী কৰিছে উদযাপন সমিতিয়ে ৷

তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে মঞ্চ উদ্বোধন কৰাৰ পিচতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে ৷ লগতে মুকলি সভাত বিশেষভাৱে উপস্থিত থাকিব মন্ত্ৰী ক্ৰমে পীযুষ হাজৰীকা, বিমল বড়া, সঞ্জয় কিষাণৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷ সেই অনুষ্ঠানতে অজিত গগৈৰ সোঁৱৰণি বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব তাই গৱেষক পুষ্প গগৈক ৷

শুকুৰবাৰৰ সংবাদমেলত উদযাপন সমিতিৰ সভাপতি পুলক কুমাৰ গগৈ, কাৰ্যকৰী সভাপতি নয়ন বুঢ়াগোহাঁই, তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, আহোম সভাৰ সভাপতি প্ৰাঞ্জল ৰাজকোঁৱৰৰ লগতে উদযাপন সমিতি আৰু তাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ৷

লগতে পঢ়ক: Me Dam Me Phi: দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

Last Updated : Jan 13, 2023, 9:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.