ETV Bharat / state

কেইবা শহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপালে মাৰ্ঘেৰিটাৰ ৰাজপথ

author img

By

Published : Jun 12, 2020, 4:48 PM IST

মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন কাৰ্য বন্ধ কৰি দিয়াৰ পিচতে,২০ জুনৰ ভিতৰত দেশৰ অন্য কয়লা ক্ষেত্ৰলৈ উদ্যোগটোৰ কৰ্মচাৰী সকলক বদলি কৰাৰ জাননী প্ৰেৰণ কৰাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিল মাৰ্ঘেৰিটাৰ ৰাজপথ ৷

massive protest in margherita
massive protest in margherita

মাৰ্ঘেৰিটা, 12 জুনঃ অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ উদ্যোগ মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন কাৰ্য বন্ধ কৰি দিয়াৰ পিচতে,উদ্যোগটোত কৰ্মৰত কৰ্মচাৰীলৈ জাৰি কৰা হৈছে এখন জাননী ৷ জাৰি কৰা জাননী অনুসৰি,২০ জুনৰ ভিতৰত দেশৰ অন্য কয়লা ক্ষেত্ৰলৈ কৰ্মচাৰী সকলক বদলিৰ বাবে আবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ যাক লৈ শুকুৰবাৰে মাৰ্ঘেৰিটাৰ ৰাজপথলৈ ওলাই আহিল কেইবা শহস্ৰাধিক লোক ৷

কেইবা শহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপালে মাৰ্ঘেৰিটাৰ ৰাজপথ

সমস্বৰে Save north eastern coal field, Save margherita আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজপথলৈ ওলাই অহা লোকসকলে ৷ প্ৰতিবাদী লোকসকলে স্পষ্ট কৰিলে যে,মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰুপ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো বন্ধ কৰাৰ কোনো সিদ্ধান্ত মানি লোৱা নহ'ব ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে গায়ক,সাংবাদিককে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷

লগতে পঢ়কঃ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ব্ৰাজিলত জনতাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.