ETV Bharat / state

তিনিচুকীয়াৰ বৰডুমচাত ভয়াৱহ অগ্নিকাণ্ড - এগৰাকী ৮০ বছৰীয়া বৃদ্ধাৰ

তিনিচুকীয়া জিলাৰ বৰডুমচাত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল এজন কৃষকৰ বাসগৃহ । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ । ধান কটা মেচিন, চিলাই মেচিনসহ ৫ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ছাৰখাৰ । কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী ৮০ বছৰীয়া বৃদ্ধাৰ ।

বৰডুমচাত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল এজন কৃষকৰ বাসগৃহ

author img

By

Published : Nov 29, 2020, 1:39 PM IST

ডুমডুমা, ২৯ নমেম্বৰ: ভয়াৱহ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই মূৰে-কপালে হাত দিবলগীয়া হৈছে তিনিচুকীয়াৰ বৰডুমচাৰ এজন কৃষকে । শনিবাৰে আবেলি বৰডুমচাৰ ১নং মহং গাঁৱৰ নিবাসী মজেন মৰাণ নামৰ কৃষকজনৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় । কথমপি প্ৰাণ ৰক্ষা পৰে মজেন মৰাণৰ ৮০ বছৰীয়া বৃদ্ধা মাতৃৰ । গাঁৱৰ ৰাইজে মজেন মৰাণৰ মাতৃক উদ্ধাৰ কৰে ।

লোকজনৰ পৰিয়ালৰ আন সদস্যসকলে খেতি পথাৰত ধান চপোৱাত ব্যস্ত হৈ থকা অৱস্থাতে ঘৰত হঠাতে জুই লাগে । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । জুইত মজেন মৰাণৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যায় । ঘৰৰ সকলো আচবাব, নথি-পত্ৰ ভস্মীভূত হয় । মুহূৰ্ততে জ্বলি ছাৰখাৰ হয় ধান কটা মেচিন, চিলাই মেচিনসহ ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ।

মৰাণৰ পৰিয়াল আৰু স্থানীয় ৰাইজে জুই নুমুওৱাৰ চেষ্টা কৰে যদিও ঘৰটো জাহ যায় । ভয়াৱহ অগ্নিকাণ্ডত সকলো ছাৰখাৰ হোৱাৰ পিছত দিক-বিদিক হেৰুৱাইছে দুৰ্ভগীয়া কৃষকজনৰ পৰিয়ালটোৱে । আনহাতে, এনে সংকটৰ সময়ত মজেন মৰাণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই গাঁৱৰ ৰাইজে এটা জুপুৰী নিৰ্মাণ কৰি দিছে । লগতে প্ৰয়োজনীয় সামগ্ৰীসমূহো সাধ্য অনুসাৰে যোগান ধৰিছে ৰাইজে ।

লগতে পঢ়ক:লাঠিৰে মৰিয়াই মৰিয়াই হত্যা এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.