ETV Bharat / state

ডিগবৈ দুলীয়াজান সংলগ্ন তেল পৰিবাহী পাইপ লাইনত অগ্নিকাণ্ড - তিনিচুকীয়া

সোমবাৰে ডিগবৈৰ বৰজান মায়াবজাৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত ডিগবৈ দুলীয়াজান তৈল পৰিবাহী পাইপ লাইনত জুই জ্বলে ৷ বৰ্তমানো অজ্ঞাত অগ্নিকাণ্ডৰ কাৰণ ৷

massive-fire
ডিগবৈত অগ্নিকাণ্ড
author img

By

Published : Mar 29, 2021, 10:57 PM IST

তিনিচুকীয়া,29 মাৰ্চ: ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বৰজান মায়াবজাৰত সোমবাৰে ডিগবৈ দুলীয়াজান তৈল পৰিবাহী পাইপ লাইনত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ স্থানীয় লোকে জনোৱা মতে, সন্ধিয়া প্ৰায় 7 বজাত মায়াবজাৰৰ কাষতে থকা ডিগবৈ দুলীয়াজান তৈল পৰিবাহী পাইপত অগ্নিসংযোগ হোৱা প্ৰত্যক্ষ কৰা হয় ৷ ৰাইজে বৰজান গাঁওৰক্ষী বাহিনীত খবৰ দিয়াত গাঁওৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীলৈ খবৰ পঠিয়ায় ৷

massive-fire
ডিগবৈত অগ্নিকাণ্ড

এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ ৷ অৱশ্যে বৰজান মায়াবজাৰৰ কাষত ডিগবৈৰ পৰা দুলীয়াজান অভিমুখী কোনো যাত্ৰীয়ে উক্ত স্থানত ৰৈ যাত্ৰা কৰাৰ পূৰ্বে চিগাৰেট সেৱন কৰি পেলাই দিয়াৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷

অগ্নি সংযোগৰ ফলস্বৰূপে সমগ্ৰ বৰজান গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আতংকৰ । আনহাতে, তেলৰ পাইপসমূহ উন্মুক্ত হৈ থকাৰ বাবে তৈল পৰিবাহী পাইপসমূহত অগ্নি সংযোগ হোৱা বুলি মত প্ৰকাশ কৰে গাঁওবাসীয়ে ।

অইল ইণ্ডিয়া কৰ্তৃপক্ষক শীঘ্ৰেই উন্মুক্ত হৈ থকা তৈল পৰিবাহী পাইপসমূহ চোৱাচিতা কৰিবলৈ নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে ৷ অন্যথা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে গাঁওবাসীয়ে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনী ব্যস্ততা সামৰি ৰুগীয়া মাতৃৰ কাষত লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.