ETV Bharat / state

লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ

লাইকা-দধিয়াবাসীক সংস্থাপন দিয়াৰ বাবে শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় বাসিন্দাসকলে । দেওবাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাগুনৰ নামফাই আৰু পাহাৰপুৰ অঞ্চলৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লাইকা-দধিয়াবাসী ৰাইজে ৷

author img

By

Published : Feb 7, 2021, 10:16 PM IST

As_MRG_margherita-jagun-protest
লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ

তিনিচুকীয়া,7 ফেব্ৰুৱাৰী: লাইকা-দধিয়াবাসীক সংস্থাপন দিয়াৰ বাবে শেহতীয়াকৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ নামফাই আৰু পাহাৰপুৰ অঞ্চলত বানপীড়িত লাইকা আৰু দধিয়াবাসীক পুনৰ সংস্থাপন বিবেচনা কৰিছে ৷ কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাগুনৰ নামফাই আৰু পাহাৰপুৰ অঞ্চলৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ইয়াৰ ৰাইজে ৷

অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল জাগুন প্ৰাকৃতিকভাৱে এটি চহকী অঞ্চল । আপুৰুগীয়া বনজ সম্পদৰ ভৰালস্বৰূপ এই অঞ্চলটিৰ সেউজী বনাঞ্চল ধ্বংস কৰি পানপীড়িতক সংস্থাপন দিয়াৰ বাবে চৰকাৰে লোৱা অদূৰদৰ্শি সিদ্ধান্তই স্থানীয় লোকৰ জীৱনলৈ ঘোৰ অমানিশা কঢ়িয়াই আনিছে । মূলতে জনগোষ্ঠীয় বসতিপ্ৰধান অঞ্চল হিচাপে ইয়াৰ জনসাধাৰণৰ কৃষ্টি আৰু সংস্কৃতিৰ এক স্বকীয় বৈশিষ্ট্য আছে । এনেস্থলত চৰকাৰে স্থানীয় লোকৰ সৈতে কোনো প্ৰকাৰৰ আলোচনা নকৰি তৎকালে লোৱা সিদ্ধান্তৰ বাবে স্থানীয় জনসাধাৰণ জাঙুৰ খাই উঠিছে ।

উল্লেখযোগ্য যে নামফাই সংৰক্ষিত বনাঞ্চলত ইয়াৰ আগেও বানপীড়িত লোকক সংস্থাপিত কৰা হৈছিল যদিও একেডোখৰ ঠাইতে পুনৰ লাইকা দধিয়াবাসীক ভূমি প্ৰদান কৰিব বিচৰা কাৰ্য্যক কোনো প্ৰকাৰে মানি নলও বুলি স্থানীয় ৰাইজে মতামত দাঙি ধৰে । চৰকাৰে জোৰকৈ চৰকাৰী সিদ্ধান্তক যদি জাপি দিব বিচাৰে তেন্তে সংঘৰ্ষৰ সৃষ্টি হব পাৰে বুলিও পথ অৱৰোধকাৰী সকলে ভাবুকি দিয়ে ।

লগতে পঢ়ক-পুনৰ নগাঁৱৰ ধিঙত ভয়ংকৰ পথা দুৰ্ঘটনা, নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.