শদিয়া, 26 জুলাই: এগৰাকী যুৱতীক ছ'চিয়েল মিডিয়াত অশ্লীল মেছেজ দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সম্পাদক মনোজ মানকিৰ বিৰুদ্ধে ৷ তেওঁৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে ৷ কিন্তু ইমানৰ পাচতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে আৰক্ষী কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ যাৰ বাবে দেওবাৰে শতাধিক ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে কাকপথাৰ থানা ৷
প্ৰতিবাদকাৰী সকলে উল্লেখ কৰা অনুসৰি,কাকপথাৰ আৰক্ষীয়ে বিজেপি নেতাগৰাকীক ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে ৷ কিন্তু কাকপথাৰ আৰক্ষীৰ সেই কথাত বিশ্বাস নকৰে ক্ষোভিত লোকে ৷ তেওঁলোকৰ দাবী যদিহে ডুমডুমা আৰক্ষীয়ে অভিযুক্ত বিজেপি নেতা গৰাকীক গ্ৰেপ্তাৰ কৰিছে তেন্তে কাকপথাৰ থানালৈ লৈ আনক ৷ এনে দাবী উত্থাপন কৰাৰ পাচতে কাকপথাৰ আৰক্ষীয়ে কেইগৰাকীমান প্ৰতিবাদকাৰী মহিলাক থানাৰ ভিতৰলৈ মাতি নি মেনেজ দিয়াৰ কথা উল্লেখ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ প্ৰতিবাদকাৰীসকলে এই অভিযোগ উত্থাপন কৰিছে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ৷ এই কাৰ্যক গৰিহণা প্ৰদান কৰি ক্ষোভিত ৰাইজে অভিযুক্তক তেওঁলোকৰ সন্মুখলৈ আনিবলৈ দাবী জনায় ৷ আৰক্ষীয়ে ধন লৈ বিজেপি নেতাজনৰ পক্ষ লোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ