ডুমডুমা, 21 চেপ্টেম্বৰঃ ডুমডুমাৰ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বনৰীয়া জীৱ-জন্তুৰ আতংক বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ বন সংমণ্ডলটোৰ অধীনৰ নাজিৰাটিং 2 নং টকৌপথাৰ গাঁৱত এটা নাহৰফুটুকীয়ে গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছে৷
তেনে সময়তে শুকুৰবাৰে নিশা নাহৰফুটুকীটোৱে উক্ত গাঁওখনৰে লক্ষণ ছেত্ৰী নামৰ এজন লোকৰ ঘৰৰ এটা ছাগলী ভক্ষণ কৰে ৷ গাঁওবাসীয়ে জনোৱা অনুসৰি নাহৰফুটুকীটোৱে বৰ্তমানলৈকে গাঁওখনৰ 24 টা ছাগলী ভক্ষণ কৰিছে৷ প্ৰতিদিনাই এনেদৰে নাহৰফুটুকীৰ ত্ৰাসত আতংকত দিন কটাইছে গাঁওখনৰ ৰাইজে । এই সন্দৰ্ভত স্থানীয় ৰাইজে ডুমডুমা বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাচতো বনবিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে গাঁওবাসীয়ে৷ ইপিনে ডিগবৈৰ 'গ্ৰীণ ৱাৰ্ড চ'চাইটি' নামৰ এটা বেচৰকাৰী সংস্থাই আতংকিত গাঁৱৰ ৰাইজৰ কাষত উপস্থিত হৈ বন বিভাগক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
উল্লেখ্য যে কিছু দিন পূৰ্বে ডুমডুমা বন সংমণ্ডলৰ অধীনৰ 3 নং শান্তিপুৰত একেদিনাই দুটাকৈ মৃত বাঘ উদ্ধাৰ কৰা হৈছিল ।