ETV Bharat / state

23 দিনৰ অন্তত মুক্তি জাগুনৰ পৰা অপহৃত বৈকুণ্ঠ সন্দিকৈ

সু-শৰীৰে সুদীৰ্ঘ 23 দিনৰ অন্তত মুক্তি পালে জাগুনৰ চাঞ্চল্যকৰ অপহৃত বৈকুণ্ঠ সন্দিকৈয়ে ৷ বুধবাৰে পুৱা ভাগত জাগুন ক্ৰেৰ্চাৰ মিলৰ কৰ্মচাৰী বৈকুণ্ঠৰ সন্দিকৈক মুক্তি দিয়ে অপহৰণকাৰীয়ে ৷

জাগুন
23 অন্তত মুক্তি জাগুনত অপহৃত বৈকুণ্ঠ সন্দিকৈ
author img

By

Published : Mar 4, 2020, 10:45 PM IST

মাৰ্ঘেৰিটা, 4 মাৰ্চঃ মাৰ্ঘেৰিটা জাগুনৰ চাঞ্চল্যকৰ অপহৃত বৈকুণ্ঠ সন্দিকৈক ২৩ দিনৰ অন্তত মুক্তি ৷ জাগুন ক্ৰেৰ্চাৰ মিলৰ কৰ্মচাৰী বৈকুণ্ঠ সন্দিকৈৰ চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ ২3 দিনৰ অন্তত বুধবাৰে অপহৰণকাৰীয়ে মুক্তি দিয়ে যুৱকজনক ৷ তীব্ৰ উৎকণ্ঠিত হৈ থকা পৰিয়ালটোৱে এইক্ষেত্ৰত সস্তিৰ নিশ্বাস পেলাইছে ৷

23 অন্তত মুক্তি জাগুনত অপহৃত বৈকুণ্ঠ সন্দিকৈ

উল্লেখ্য যে, বিগত ১১ ফেব্ৰুৱাৰীতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইল পাৰ্বতিপুৰৰ নিবাসী তৰুণ সন্দিকৈৰ পুত্ৰ বৈকুণ্ঠ সন্দিকৈক অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যায় ৷ অপহৃত বৈকুণ্ঠ সন্দিকৈ ডিগবৈৰ বিৰ্তকিত ব্যৱসায়ী ৰাজু খানৰ জাগুনস্থিত পাথৰ ক্ৰেচাৰ মেচিনত দহ বছৰতকৈ অধিক সময় ধৰি মহৰী হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ বৈকুণ্ঠ সন্দিকৈক মুকলি কৰি দিবৰ বাবে পৰিয়ালৰ লগতে স্থানীয় পুৰুষ মহিলাই জাগুনত পথ অৱৰোধ কাৰ্যসূচীৰ লগতে ২৮ ফেব্ৰুৱাৰীত শতাধিক পুৰুষ মহিলাই শিলৰ কুঁৱেৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহত উপস্থিত হৈ ঘৰ ঘেৰাও কৰাৰ লগতে বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনাই আহিছিল ৷ অপহৃত বৈকুণ্ঠক উদ্ধাৰৰ বাবে সেনা আৰক্ষীয়ে সমগ্ৰ অঞ্চলত ব্যাপক তালাচী অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে পুৱা ৮ মান বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লুংৰি গাঁৱৰ সমীপৰ এক দুৰ্গম অৰণ্যত বৈকুণ্ঠ সন্দিকৈক অপহৰণকাৰীসকলে মুকলি কৰি দিয়ে ৷ মুকলি কৰি উগ্ৰপন্থীয়ে ২ ঘণ্টাৰ পাছত পৰিয়াল বা আৰক্ষীক ফোন যোগে যোগাযোগ কৰিবলৈ কোৱা বুলি মন্তব্য কৰে বৈকুণ্ঠ সন্দিকৈয়ে ৷

অপহৰণকাৰী দলটোৱে মোকলাই দিয়াৰ পিছতেই প্ৰায় বৈকুণ্ঠই স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰাত লেখাপানী আৰক্ষী, জাগুন আৰক্ষী আৰু অৰুণাচল আৰক্ষী উপস্থিত হৈ বৈকুণ্ঠক উদ্ধাৰ কৰি লেখাপানী আৰক্ষী থানাত দিনৰ প্ৰায় ১২:৪৫ বজাত উপস্থিত কৰাই ৷ ইয়াৰ পাছতেই বৈকুণ্ঠৰ পৰা অধিক তথ্য আহৰণৰ বাবে সেনা আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখি সন্ধিয়া ৭ বজাত জাগুনস্থিত ঘৰলৈ যাবলৈ দিয়ে । ইপিনে বৈকুণ্ঠ সন্দিকৈক মুকলি কৰি দিয়াৰ আঁৰত যে, এক বৃহৎ ধনৰ লেনদেন হৈছে সেয়া নিশ্চিত বুলি কয় স্থানীয় ৰাইজে ৷

কোনো উগ্ৰপন্থী সংগঠনে এই অপহৰণকাণ্ডৰ আনুষ্ঠানিক স্বীকাৰ নকৰা প্ৰতি লক্ষ্য ৰাখি কোনো দুস্কৃতিকাৰীয়ে নিজৰ ব্যক্তিগত আখেজ পূৰণৰ বাবেও বৈকুণ্ঠ সন্দিকৈক অপহৰণ কৰা বুলি প্ৰশ্ন উত্থাপন হৈছে ৷ আনহাতে, জাগুন অঞ্চলত এইটো হৈছে পঞ্চমটো অপহৰণ কাণ্ড ৷ ইয়াৰ পূৰ্বে আলফা স্বাধীনে জাগুণৰ পৰা অৰুণাভ ফুকন, দীননাথ উৰফে গোপাল উপাধ্যায় আৰু পবিত্ৰ গগৈ, অপূৰ্ব কাকতিক আলফা স্বাধীনে অপহৰণ কৰিছিল আৰু এইয়া পঞ্চমজন অপহৰণ হ'ল বৈকুণ্ঠ সন্দিকৈ ৷

আনহাতে, এক সূত্ৰই দাবী কৰা অনুসৰি বিৰ্তকিত ব্যৱসায়ী ৰাজুখানক প্ৰায় ১কোটি টকাৰো অধিক দাবী কৰিছিল অপহৰণকাৰীয়ে৷ শেষ মুহূৰ্ত্তত প্ৰায় ৫০ লাখ টকাৰ বিনিমিয়ত বৈকুণ্ঠক অপহৰণকাৰীয়ে মুক্তি দিলে বুলি সূত্ৰটোৱে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ পৰা অনুষ্ঠানিক বক্তব্য এই মুহূৰ্ত্বলৈকে জানিব পৰা হোৱা নাই ৷ অন্যহাতে আজি লেখাপানী আৰক্ষীয়ে সংবাদমাধ্যমক কোনো কথা আনুষ্ঠানিকভাৱে জানিবলৈ দিয়া নাই তথা বৈকুণ্ঠকো সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিবলৈ সুযোগ দিয়া নাই ৷

আৰু পঢ়কঃ দিনটোৰ শীৰ্ষ 10 টা খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.