ETV Bharat / state

তালাপত গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত প্ৰতিবাদত বহিল দুৰ্ভগীয়া কন্যা

তালাপত অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত দুৰ্ভগীয়া কন্যাই বহিল অৱস্থান ধৰ্মঘটত ৷ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তালাপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

author img

By

Published : Oct 23, 2019, 3:02 PM IST

তালাপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

শদিয়া, ২৩ অক্টোবৰঃ তিনিচুকীয়াৰ ধলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত হেডফিটাৰ গৌৰাংগ চন্দ্ৰ দেৱ’ক উদ্ধাৰৰ দাবীত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তালাপত বুধবাৰে ৰূপায়ণ কৰা হয় তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এই কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলৰ সৈতে সংগ দিয়ে অপহৃতৰ দুৰ্ভগীয়া কন্যা প্ৰিয়ংকাই ৷ অপহৃত চাহ কৰ্মচাৰী দেৱ’ক উদ্ধাৰ কৰাত চৰম ব্যৰ্থতাক উদঙাই দিয়া সেনা-আৰক্ষী তথা তিনিচুকীয়া জিলা প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা আৰু চৰকাৰ বিৰোধী শ্ল’গানেৰে তালাপৰ আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই দুৰ্ভগীয়া কন্যা প্ৰিয়ংকাই পিতৃ গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তি দিবলৈ পুনৰবাৰ আলফা স্বাধীনক কাতৰ আহ্বান জনায় ৷

তালাপত পিতৃ গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত প্ৰতিবাদত বহিল দুৰ্ভগীয়া কন্যা

লগতে চাওকঃ তিনিচুকীয়াৰ শংকৰ চাহ বাগিচাৰ হেড ফিটাৰ গৌৰাং সোন্দৰ দেৱ’ক অপহৰণ

ইপিনে এখন স্মাৰক পত্ৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰি শীঘ্ৰে অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ অন্যথা সমগ্ৰ তিনিচুকীয়াতে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও জিলা উপায়ুক্তক বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই হুংকাৰ দিয়ে ৷

গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক যোৱা ১১ অক্টোবৰত শংকৰ চাহ বাগিচাৰ কলঘৰৰ পৰাই অপৰহৰণ কৰি নিছিল আলফাই ৷ অপহৃতক উদ্ধাৰ কৰাত সেনা-আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ সময়তে আলফা(স্বাঃ)ৰ সদস্যই টেলিফোনযোগে গৌৰাংগ চন্দ্ৰ দেৱ’ৰ শেহতীয়া স্থিতিৰ বিষয়ে যোৱা ১৮ অক্টোবৰত দুৰ্ভগীয়া কন্যা প্ৰিয়ংকাক অৱগত কৰিছিল ৷ চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তিৰ সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও আলফাই প্ৰিয়ংকাক স্পষ্ট কৰি দিছিল ৷

লগতে চাওকঃ অপহৃত গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন

Intro:৷৷ তালাপত অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত দুৰ্ভগীয়া কণ্যাই বহিল অৱস্থান ধৰ্মঘটত ৷৷
৷৷ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তালাপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৷৷

শদিয়া _ ২৩ অক্টোৱৰঃ চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়া মালিকাধিন তিনিচুকীয়া জিলাৰ ধলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত হেডফিটাৰ গৌৰাংগ চন্দ্ৰ দেৱ’ক উদ্ধাৰৰ দাবীত আজি দিনৰ ১১ বজাত জিলাখনৰ তালাপ বালিবজাৰত অপহৃতৰ দুৰ্ভগীয়া কণ্যা প্ৰীয়ংকাই বহিল প্ৰতিবাদত ৷ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তিৰ দাবীত তালাপত ৰূপায়ন কৰা তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল দুৰ্ভগীয়া কণ্যা পিয়ংকাই ৷ সৰ্বশক্তিশালী ভাৰতীয় সেনা বাহিনী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ স্মাৰ্ট পুলিচক ক্ষুৰধাৰ সমালোচনাৰে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সদস্যসকলে একাধিক চৰকাৰ বিৰোধী শ্ল’গানেৰে তালাপৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ অপহৃত চাহ কৰ্মচাৰী দেৱ’ক উদ্ধাৰ কৰাত চৰম ব্যৰ্থতাক উদঙাই দিয়া সেনা-আৰক্ষী তথা তিনিচুকীয়া জিলা প্ৰশাসনক ক্ষুৰধাৰ সমালোচনাৰে শংকৰ চাহ বাগিচাৰ স্বত্তাধীকাৰ সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ৰ দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যক এষাৰী মাত নিদিয়াৰ অভিযোগ তুলি অপহৰণ ঘটনাটো ন্যায়িক তদন্তৰ দাবী তোলে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেনৰ নেতৃবৰ্গই ৷ অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই দুৰ্ভগীয়া কণ্যা পিয়ংকাই পিতৃ গৌৰাংগ চন্দ্ৰ দেৱ’ক বিনাৰ্চত্তে মুক্তি দিবলৈ আজি পুনৰবাৰ আলফা স্বাধীনক কাতৰ আহ্বান জনায় ৷ তিনিচুকীয়া জিলা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সভাপতি সাধাৰণ সম্পাদকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰি শীঘ্ৰে অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী জনায় ৷ অন্যথা সমগ্ৰ তিনিচুকীয়া জিলাত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও জিলা উপায়ুক্তক বাঙালী যুব-ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই স্পষ্ট কৰি দিছে ৷ উল্লেখ্য যে চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক যোৱা ১১অক্টোবৰত শংকৰ চাহ বাগিচাৰ কলঘৰৰ পৰাই অপৰহৰণ কৰি নিছিল যদিও অপহৃতক উদ্ধাৰ কৰাত সেনা-আৰক্ষী সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱাৰ সময়তে আলফা(স্বাঃ)ৰ সদস্যই টেলিফোনযোগে গৌৰাংগ চন্দ্ৰ দেৱ’ৰ শেহতীয়া স্থিতিৰ বিষয়ে যোৱা ১৮ অক্টোৱৰত দুৰ্ভগীয়া কণ্যা পিয়ংকাক অৱগত কৰিছিল ৷ গৌৰাংগ চন্দ্ৰ দেৱ’ক সম্পুৰ্ণ সুস্থ অৱস্থাত ৰখা বুলি আলফাই টেলিফোনত অপহৃতৰ কণ্যাক স্পষ্ট কৰি দিছিল ৷ চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তিৰ সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও আলফাই পিয়ংকাক স্পষ্ট কৰি দিছিল ৷Body:Byte : 1/ অপহৃত কণ্যা ৷
2/ বাঙালী সংগঠনৰ নেতৃত্ব Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.