তিনিচুকীয়া, 8 আগষ্ট: "বিজেপি চৰকাৰে 15 আগষ্টত সকলোকে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ দিছে ৷ কিন্তু আমাৰটো থাকিবলৈ ঘৰ-দুৱাৰেই নাই ৷ আমাক যদি 15 আগষ্টৰ ভিতৰত বাসস্থানৰ যোগাৰ নিদিয়ে তেনেহ’লে আমি ত্ৰিৰংগাৰ সলনি ক’লা পতাকা উৰুৱাম ৷" তিনিচুকীয়াৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আশ্ৰয় শিবিৰ পাতি দিন কটাইছে কৰদৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালে (Kardoiguri Flood effected family demand land)৷ অনতিপলমে বাসস্থানৰ ব্যৱস্থা নকৰিলে ক’লা পতাকা উৰুৱাৰ হুংকাৰ ভুক্তভোগী পৰিয়ালৰ (Kardoiguri Flood effected family)৷
সমাগত স্বাধীনতা দিৱস ৷ তাৰ মাজতে অসমৰ তিনিচুকীয়াৰ জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালে যোৱা যোৱা 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰ পাতি দিন কটাইছে (Kardoiguri Flood effected family warned govt)৷
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ ২৪ টাকৈ বান বিধ্বস্ত পৰিয়ালক সোণজান-তৰাণি অঞ্চলত ভূমি আৱণ্টন দিছিল চৰকাৰে ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে ৰূপক দত্ত নামৰ ব্যক্তিজনে বান বিধ্বস্ত পৰিয়ালক উক্ত ভূমিসমূহ এৰি নিদিয়াত ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত বিগত 9 দিনে ত্ৰিপালৰ তলত আশ্ৰয় শিবিৰত দিন কটাইছে ৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি কোনো দুৰ্বৃত্তৰ দলে হাতত চোকা অস্ত্ৰ, যাঠি-জোং লৈ বন্যাৰ্ত পৰিয়ালকইটাক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷
এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আলফা স্বাধীনে (ULFA Reaction on Kardoiguri Flood effected family) ৷ বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰবেদখলকাৰীক সকিয়নি প্ৰদান কৰি আলফা স্বাধীনে এক বিবৃত্তি প্ৰচাৰ কৰি কয়, "সোণজান-তৰাণি অঞ্চলত ৰূপক দত্তই নামৰ ইলাহী ব্যক্তিজনে বেদখল কৰি ৰখা 25 বিঘা মাটি শেহতীয়াকৈ ডুমডুমাৰ কৰ্দৈগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা 24 টা পৰিয়ালৰ বাবে আৱন্টন দিয়াৰ পিছতো ৰূপক দত্তই মাটিখিনি এৰি নিদিয়াত উক্ত পৰিয়ালকেইটাই তম্বুৰ তলত দিন পাৰ কৰা আমি সংবাদমাধ্যমযোগে প্ৰত্যক্ষ কৰিছো’’ ৷
আলফাই বিবৃতিটোত আৰু কয়, ‘‘থলগিৰি ৰাইজৰ বৃহৎ স্বাৰ্থাথে ৰূপক দত্ত ডাঙৰীয়ালৈ এই বিবৃত্তিৰ জৰিয়তে আমি আহ্বান জনাওঁ যে, যিহেতু আপুনি এগৰাকী অৱস্থপন্ন ব্যক্তি, গতিকে বানপীড়িত এই থলগিৰি পৰিয়াল কেইটাক আদালতৰ মজিয়াত থিয় নকৰাই মহানুভৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰি উক্ত মাটিখিনি ভুক্তভোগী পৰিয়ালকেইটাক ঘৰ সাজিব পৰাকৈ মুক্ত কৰি দিয়ে যেন ৷ আপোনাৰ এনে উদাৰতে আমাৰ লগতে অসমৰ সকলো ৰাইজে কামনা কৰে ৷ লগতে উক্ত বিষয়ত সেই স্থানলৈ পুনৰ দা-কুঠাৰ, যাঠি-জোং লৈ যাতে কোনো লোকে আহি অশান্তিৰ বাতাবৰণ সৃষ্টি নকৰে ৷ অন্যথা তেনে কৰ্মত লিপ্ত ব্যক্তিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম ৷"
লগতে পঢ়ক: ULFA(I) Reaction on Kardoiguri Flood effected family: বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ