ETV Bharat / state

বিহাৰত আবদ্ধ তিনিচুকীয়াৰ 17 জনীয়া যুৱকৰ দল

বিহাৰত আবদ্ধ তিনিচুকীয়াৰ ১৭ জনীয়া যুৱকৰ এটা দল ৷ যুৱকৰ দলটোৱে নিজ গৃহলৈ ঘূৰাই নিবলৈ ফেচবুক লাইভৰ জৰিয়তে কাতৰ আহ্বান জনাইছে চৰকাৰক ৷ কৰ্মসূত্ৰে বিহাৰত থকা যুৱকৰ দলটোক বেলাগঞ্জ আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে ৷

author img

By

Published : May 4, 2020, 5:55 PM IST

Kakopather youths stucked from Bihar Sadiya
বিহাৰত আবদ্ধ তিনিচুকীয়াৰ যুৱকৰ দল

শদিয়া,4 মে’ঃ বিহাৰত আবদ্ধ হৈ আছে এটা অসমৰ যুৱকৰ দল ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১৭ জনীয়া যুৱকৰ দলটোৱে কৰ্মসূত্ৰে বিহাৰত আছিল ৷ লক্​ ডাউনৰ বাবে থকা-খোৱাৰ অসুবিধা হোৱাত যুৱককেইজনে প্ৰায় ১,৪০০ কিল’মিটাৰ পথ খোজকাঢ়ি অসমলৈ অহাৰ চেষ্টা চলাইছিল ৷ কিন্তু আদবাটতে ৰাজ্যখনৰ গয়া জিলাৰ বেলাগঞ্জ থানাৰ আৰক্ষীয়ে দলটোক আটক কৰি আবদ্ধ কৰি ৰাখে ৷

দলটোৰ ফেচবুক লাইভ

যুৱকৰ দলটোত থকা কাকপথাৰৰ অন্যতম যুৱক কমল লামাৰ মাতৃয়ে ইতিমধ্যে বিষয় সন্দৰ্ভত কাকপথাৰ থানাত লিখিত অভিযোগ দাখিলৰ লগতে আবদ্ধ দলটোক মোকোলাই আনিবলৈ চৰকাৰক আহ্বান জনায় ৷ আনহাতে, যুৱকৰ দলটোৱে ফেচবুক লাইভৰ জৰিয়তে মুকলিৰ আহ্বান জনাইছে অসম চৰকাৰক ৷

কাতৰ আহ্বান অসম চৰকাৰলৈ

লগতে চাওকঃ যন্ত্ৰণাত চটফটাই থকা মাজুলীৰ এটি কণমানি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.