তিনিচুকীয়া,6অক্টেবৰ: ৰাইজমেলত উপস্থিত নহ'ল আলোচনাপন্থী নেতা জিতেন দত্ত । বিপ্লব জ্যোতি মোহন আৰু আলোচনাপন্থী নেতা জিতেন দত্তৰ মাজত চলি থকা অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে আলফাৰ শ্বহীদ পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি ৰাইজ মেল । এই ৰাইজমেললৈ আলোচনাপন্থী আলফা নেতা জিতেল দত্তকে ধৰি আন বহু আলফা সদস্যক আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু এই ৰাইজ মেলত উপস্থিত নহ'ল বিতৰ্কৰ মূল ব্যক্তি আলোচনাপন্থী আলফা নেতা জিতেন দত্ত ।
![Kakapathar meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kakapathar_06102020002125_0610f_1601923885_601.jpg)
শেহতীয়াকৈ সামাজিক মাধ্যমত বিপ্লৱ জ্যোতি মোহন আৰু আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ মাজত চলি থকা অভিযোগ প্ৰতি অভিযোগৰ লগতে বিশেষকৈ জিতেন দত্তৰ প্ৰতি উঠা গুৰুতৰ অভিযোগ সমূহৰ সত্যতা উলিয়াবৰ উদ্দেশ্যৰে এই ৰাইজমেল খন আয়োজন কৰা হৈছিল ৷ তিনিচুকীয়াৰ তালাপ কৰ্দৈগুৰিত জিলাখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি গোট খোৱা আলফাৰ শ্বহীদ পৰিয়ালে কামনা কৰিছিল যে, হত্যা,ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপন হোৱা জিতেন দত্তই ৪ অক্টোবৰত কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজমেলত উপস্থিত হৈ স্পষ্টীকৰণ দিব । কিন্তু ৰাইজমেলত অঘটন হোৱাৰ ভয়তে পিছ হুহুকে জিতেন দত্তই । বিতৰ্কত সাঙোৰ খোৱা জিতেন দত্তই এই ৰাইজমেলত অংশগ্ৰহণ নকৰে বুলি সামাজিক মাধ্যমত এক ভিডিঅ' যোগে স্পষ্ট মন্তব্য প্ৰকাশ কৰিছিল । এই সমগ্ৰ বিতৰ্কৰ ঘটনাৰ আঁৰত পৰেশ বৰুৱা আৰু অৰুনোদয় দহতীয়া থকাৰ কথা প্ৰকাশ কৰি ৰাইজমেলৰ অংশগ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰিছিল দত্তই ।
![Kakapathar meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kakapathar_06102020002125_0610f_1601923885_1051.jpg)
অৱশ্যে, এই ৰাইজমেলত পত্নী সহ আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাও উপস্থিত থাকে ৷ উপস্থিত থাকে ভুটানত নিৰুদ্দিষ্ট আলফা প্ৰকাশ মৰানৰ পত্নী শ্যামলী গগৈও । ৰাইজমেলখনত আলফাৰ শ্বহীদ পৰিয়ালৰ বহুজনে সংবাদ মাধ্যমৰ সন্মুখত উচুপি পুত্ৰ-ভাতৃৰ হত্যকাৰী সঁচাকৈয়ে জিতেন দত্তই নেকি বুলি উল্লেখ কৰি উজাৰিলে ক্ষোভ । ৰাইজমেল খনত উপস্থিত থকা বিভিন্নজনে জিতেন দত্তৰ ওপৰত অভিযোগ উত্থাপন কৰি মতামত দিয়াৰ বিপৰীতে শ্বহীদ পৰিয়ালৰ সেই মতামত সমূহৰ উপযুক্ত উত্তৰ তথা সঠিক সিদ্ধান্ত দিব নোৱাৰিলে আলোচনা পন্থী নেতা মৃণাল হাজৰিকাই ।
![Kakapathar meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kakapathar_06102020002125_0610f_1601923885_123.jpg)
আনহাতে বিপ্লৱ জ্যোতি মোহনৰ পৰিচয়ক লৈ সন্দেহৰ আৱৰ্তত এতিয়াও বহুজন ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত পৰিৱেশন হৈ আহিছে এই বিতৰ্কক লৈ বিভিন্ন বাতৰি ৷ সোমবাৰৰ ৰাইজমেলতো ৰহস্যৰ আৱর্তত থাকিল এই বিপ্লৱ জ্যোতি মোহনৰ পৰিচয় । উপস্থিত একাংশৰ মতে মেলখনত যদিহে জিতেন দত্ত উপস্থিত থাকিলে হেতেন, তেনেহ'লে তথ্য সহকাৰে বিপ্লব জ্যোতি মোহনো উপস্থিত হ'ল হয় ।
![Kakapathar meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kakapathar_06102020002125_0610f_1601923885_518.jpg)
ইতিমধ্যে, ৰাইজমেলৰ সিদ্ধান্ত অনুসৰি জিতেন দত্তক দোষী আৰোপ কৰি তেওঁৰ ওপৰত তিনিটা ব্যবস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷ জিতেন দত্তক আলোচনাপন্থী আলফাৰ গোটৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কাকপথাৰৰ পৰা আলোচনাপন্থী গোটৰ শিবিৰটো স্থানান্তৰ কৰিব লাগে, জিতেন দত্তক সামাজিক ভাৱে বৰ্জন কৰা আৰু দত্তৰ লগতে তেওঁৰ সতীর্থসকলকো বৰ্জন কৰা ৷
![Kakapathar meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kakapathar_06102020002125_0610f_1601923885_723.jpg)
উল্লেখ্য যে, দেওবাৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা জিতেন দত্ত আৰু দৰ্শপ্ৰাণ হাজৰীকাৰ এক অডিঅ' কল ৰেকৰ্ডিংৰ পাছতে কোনো-কোনো প্ৰসংগত দত্তৰ ক'ৰবাত ভুল হোৱা বুলি স্বীকাৰ কৰাৰ পৰিলক্ষিত হৈছিল ।
অন্য এক খবৰৰ বাবে: ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান