ETV Bharat / state

18 দিনে সন্ধান নাই অপহৃত বৈকুণ্ঠ সন্দিকৈৰঃ জাগুনত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ জাগুনত অপহৃত বৈকুণ্ঠ সন্দিকৈক লৈ উত্তপ্ত পৰিস্থিতি ৷ বিগত ১১ ফেব্ৰুৱাৰীত অপহৰণ হোৱা বৈকুণ্ঠ সন্দিকৈৰ বিগত 18 দিনে কোনো সন্ধান লাভ নকৰাৰ বাবেই শিলৰ কুঁৱৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷

জাগুন
জাগুনত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 29, 2020, 9:54 AM IST

তিনিচুকীয়া, 29ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি ৷ বিগত ১১ ফেব্ৰুৱাৰীত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইল পাৰ্বতিপুৰৰ পৰা অপহৰণ হৈছিল বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজন ৷ কিন্তু বিগত ১৮ দিনৰ পাছতো কোনো শুং সূত্ৰ নাই যুৱকজনৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ লগতে স্থানীয় লোকে শিলৰ কুঁৱৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে ।

জাগুনত উত্তপ্ত পৰিস্থিতি, সন্ধান নাই অপহৃত বৈকুণ্ঠ সন্দিকৈৰ

পাৰ্বতিপুৰ নিবাসী তৰুণ সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজনক 11 ফেব্ৰুৱাৰীত অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা দিনৰ ভাগত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যায় । কিন্তু পৰিতাপৰ বিষয় যে, বিগত১৮ দিন উকলি যোৱাৰ পাছতো বৰ্তমানলৈকে কোনো শুং সূত্ৰ নোপোৱাত যুৱকজনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছে । যাৰ বাবে শুকুৰবাৰে বৈকুণ্ঠ সন্দিকৈৰ পৰিয়ালৰ লগতে স্থানীয় শতাধিক পুৰুষ মহিলাই শিলৰ কুঁৱৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহত উপস্থিত হৈ ঘৰ ঘেৰাও কৰাৰ লগতে বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায় ।

উল্লেখ্য যে, অপহৃত বৈকুণ্ঠ সন্দিকৈ ডিগবৈৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজু খানৰ শিলৰ কুৱাৰীৰ মহৰী হিচাপে প্ৰায় দহ বছৰ কাল কাম কৰি আহিছে । কিন্তু বৈকুণ্ঠ অপহৰণ হোৱাৰ পাছৰ পৰা উক্ত ব্যৱসায়ী ৰাজু খানে বৈকুণ্ঠ পৰিয়ালৰ কোনো সদস্যক সাক্ষাৎ কৰিবলৈ নহা কাৰ্যত পৰিয়ালৰ লগতে স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে । ইপিনে ৰাজু খানে শীঘ্ৰে বৈকুণ্ঠ সন্দিকৈক মুকলি কৰি আনিবলৈ চেষ্টা অব্যাহত আছে বুলি সকলোকে জানিবলৈ দিয়ে ।

আৰু পঢ়কঃ জুবিনক বিপদমুক্ত ঘোষণা চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.