ETV Bharat / state

ইণ্ডিগ' বিমানৰ ভিতৰত যাত্ৰীৰ অস্বাভাৱিক মৃত্যু

author img

By

Published : Apr 10, 2021, 9:56 PM IST

ইণ্ডিগ' বিমানৰ ভিতৰত যাত্ৰীৰ অস্বাভাৱিক মৃত্যু ৷ বিমান বন্দৰ আৰু ইণ্ডিগ কৰ্তৃপক্ষৰ ওপৰত গুৰুতৰ অভিযোগ ৷ সংবাদমাধ্যমৰ আগত কেতবোৰ গুৰুতৰ অভিযোগ মৃত ভূপেন লাহনৰ পত্নী জুৰি দত্ত লাহনৰ ৷

ইণ্ডিগ' বিমানৰ ভিতৰত যাত্ৰীৰ অস্বাভাৱিক মৃত্যু
ইণ্ডিগ' বিমানৰ ভিতৰত যাত্ৰীৰ অস্বাভাৱিক মৃত্যু

ডুমডুমা, 10 মাৰ্চ : ডুমডুমাৰ যুৱ ব্যৱসায়ী ভূপেন লাহন (টুকু)ৰ বিমানত অস্বাভাৱিক মৃত্যুৰ ৰহস্য বৰ্তমানেও পোহৰলৈ অহা নাই । উল্লেখযোগ্য যে, বিগত ১৩ মাৰ্চ তাৰিখে ভূপেন লাহন নামৰ ডুমডুমাৰ যাত্ৰী গৰাকী বাঙ্গালুৰুৰ পৰা ডিব্ৰুগড়লৈ বুলি 6E6126 নম্বৰৰ ইণ্ডিগ' বিমানৰ 22F আসনত যাত্ৰা কৰিছিল । কিন্তু বিমানখন ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰাৰ প্ৰায় ডেৰ ঘন্টা সময় উকলি যোৱাৰ পাছতো ভূপেন লাহন বিমান বন্দৰৰ পৰা ওলাই নহা দেখি পৰিয়ালৰ লোকে বিমান বন্দৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে । পৰৱৰ্তী সময়ত বন্দৰ কৰ্তৃপক্ষই ভূপেন লাহনক বিমানৰ আসনত মৃত অৱস্থাত পোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দি লাহনৰ মৃতদেহ আৰক্ষীক চমজাই দিয়ে ।

সম্পূৰ্ণ সুস্থ শৰীৰে বাঙ্গালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰা যাত্ৰী গৰাকীৰ এনে অস্বাভাৱিক মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে মানি লব পৰা নাই । যাৰ পৰিপেক্ষিতত ভূপেন লাহনৰ পৰিয়ালৰ লোকে লাহোৱাল আৰক্ষী থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে যদিও পৰিয়ালে বৰ্তমানলৈকে আৰক্ষী কিম্বা বিমান কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ সহাঁৰি নোপোৱাৰ অভিযোগ কৰি ডুমডুমা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলৰ জড়িয়তে পৰিয়ালৰ লোকে বিমান বন্দৰ আৰু ইণ্ডিগ' বিমান কৰ্তৃপক্ষৰ লগতে আৰক্ষী বিভাগৰ ওপৰত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : ক'ভিড সম্পৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.